নিউজ ডেস্ক: ৰাষ্ট্ৰীয় নির্বাচন আয়োগে ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণেৰে প্ৰকাশ কৰা খচৰাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত এইবাৰ AIUDF য়ে নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ বিৰুদ্ধে ন্যায়িক যুঁজ চলোৱাৰ বাবে প্ৰস্তুতি চলাইছে। প্ৰকাশ কৰা খচৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে বিৰোধী দল AIUDF য়ে ।
দলটোৰ উপ-সভাপতি তথা বিধায়ক চুজাম উদ্দিন লস্কৰে উচ্চতম ন্যায়ালয়ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে আবেদন দাখিল কৰিছে। এক টুইটযোগে AIUDF য়ে সদৰী কৰিছে । চুজাম উদ্দিন লস্কৰৰ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ত এছচিআইএন ০১-০০৩১৭-২০২৩ নম্বৰৰ গোচৰটো ৰুজু কৰা হৈছে।
২০০১ চনৰ লোকপিয়লৰ ভিত্তিত কৰা এই সমষ্টিৰ সীমা নির্ধাৰণ বৈষম্যমূলক বুলি এআইইউডিএফৰ উপৰি কংগ্ৰেছ, বাঁওপন্থী দলসমূহ, এজেপি আদিয়েও বিৰোধিতা কৰি আহিছে। ইতিমধ্যে ১১টা বিৰোধী ৰাজনৈতিক দলে দিল্লীত ৰাষ্ট্ৰীয় নির্বাচন আয়োগক সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা বাতিল কৰাৰ দাবীৰে স্মাৰক পত্ৰও প্ৰদান কৰিছে ।
সমান্তৰালভাৱে অসম জাতীয় পৰিষদে খচৰাখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আন এটা গোচৰ ৰুজু কৰিছে। এই গোচৰটো অহা ২৫ জুলাইত শুনানিৰ বাবে তালিকাভুক্ত হৈছে। এআইইউডিএফে একেটা বিষয়কে লৈ তৰা গোচৰটোৰ শুনানি উক্ত গোচৰটোৰ লগতে উচ্চতম ন্যায়ালয়ে গ্রহণ কৰাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে অহা ২১ জুলাইত গুৱাহাটীলৈ আহিব আয়োগৰ বিষয়ববীয়াসকল।
লগতে পঢ়ক:১২ জুলাইত কংগ্ৰেছৰ মৌন সত্য়াগ্ৰহ