গুৱাহাটী : ৰাষ্ট্ৰপতি নিৰ্বাচনকলৈ নিজৰ স্থিত স্পষ্ট কৰিলে বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন এ আই ইউ ডি এফ দলে। দেওবাৰে এক সংবাদ মেল অনুষ্ঠিত কৰি এ আই ইউ ডি এফে ৰাষ্ট্ৰপতি নিৰ্বাচনকলৈ নিজৰ স্থিত স্পষ্ট কৰে। যশোৱন্ত সিনহাক এ আই ইউ ডি এফে ভোট দিব বুলি স্পষ্ট কৰে।
সোমবাৰে অৰ্থাৎ ১৮ জুলাই ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাষ্ট্ৰপতি নিৰ্বাচনকলৈ ইতিমধ্যে শাসকীয় বিজেপি আৰু বিৰোধী দল সমূহ একত্ৰিত হৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। বিজেপিৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশোৱন্ত সিনহা। দেওবাৰে এ আই ইউ ডি এফে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশোৱন্ত সিনহাক ভোট প্ৰদান কৰিব বুলি ঘোষণা কৰিছে।
লগতে পঢ়ক – লখিমপুৰত মথাউৰীৰ ৩৫ কিলোমিটাৰ অংশত সোৱণশিৰি নৈৰ তীব্ৰ খহনীয়া
সংবাদ মেলত আমিনুল ইছলাম আৰু মজিবুৰ ৰহমানে কয় যে এ আই ইউ ডি এফে ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশোৱন্ত সিনহাক ভোট প্ৰদান কৰিব। আমিনুল ইছলামে কংগ্ৰেছৰ প্ৰতিজন বিধায়কক বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশোৱন্ত সিনহাক ভোট প্ৰদান কৰিবলৈও আহ্বান জনায়।