নিউজ ডেস্কঃ যোৱা ৫জুনত অসম অৰুণাচল সীমান্ত দুজন অসমীয়াক হত্যা কৰাক লৈ আজি শোণিতপুৰ জিলাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। তেজপুৰ ক’ৰ্ট চাৰিআলিৰ সন্মুখত ৩ ঘণ্টীয়া জোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ শোণিতপুৰ জিলা সমিতিয়ে নীৰিহ অসমীয়া ব্যক্তিক হত্যা আৰু কেইবাজনো লোকক আঘাতপ্ৰাপ্ত কৰা ঘটনাক তীব্ৰ ধিক্কাৰ দিয়ে।
এনে ঘটনা যাতে পুনৰাবৰ্তন নহয় তাৰ বাবে দলটোৱে অসমৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ দাবী কৰে। লগতে, লগতে, নিহত হোৱা দুয়োগৰাকী ব্যক্তিৰ পৰিয়ালক চৰকাৰী সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাই সংগঠনটোৰ লোক সকলে।
ইয়াৰ লগতে AJYCPY শোণিতপুৰ জিলা সমিতিয়ে দেশৰ স্বাধীনতাৰ পিছৰে পৰা অসমৰ সৈতে চুবুৰীয়া অৰুণাচল, নাগালেণ্ড, মিজোৰাম আদি ৰাজ্যৰ সীমা বিবাদ অসমৰ মাটি উক্ত ৰাজ্য সমূহক এৰি নিদিয়াকৈ নিষ্পত্তি কৰাৰ বাবে এখন স্মাৰক পত্ৰ যোগে দাবী জনাই।
লগতে পঢ়ক – এক কোটিৰ অধিক ব্যৱসায় ৰবি শৰ্মাৰ অভিনীত “শ্ৰী ৰঘুপতি”