নিউজ ডেস্ক: কা আন্দোলনৰ নিয়াৰ এক গোচৰত জামিন লাভ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। আজি উচ্চতম ন্যায়ালয়ে নিয়াৰ গোচৰটো ট্ৰাইল শেষ নোহোৱা পৰ্যন্ত স্থায়ী জামিন মঞ্জুৰ কৰে।

ন্যায়াধীশ ভি ৰামাসুব্ৰমণিয়াম আৰু ন্যায়াধীশ পংৰজ মিঠালৰ বিচাৰপীঠে এই জামিন মঞ্জুৰ কৰিছে।

উল্লেখ্য যে, উক্ত গোচৰটোত দোষমুক্ত বুলি নিয়া আদালতে অখিল গগৈক ৰায়াদান দিয়াৰ পিছতো পুনৰ NIA য়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰত ৰুজু কৰিছিল। তাৰ পৰিপ্ৰেক্ষিততেই উচ্চ ন্যায়ালয়ে গোচৰত পুনৰ চলাবলৈ অনুমতি দিছিল। তাৰ পিছতেই অখিল গগৈ পুনৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল। তাৰ পিছতেই তেওঁ উচ্চতম ন্যায়ালয়ৰ ওচৰত কাষ চাপিছিল।

আজি সেই গোচৰটোত অখিল গগৈক স্থায়ী জামিন প্ৰদান কৰে।

জামিন লাভ কৰি অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু নিয়াই মোক চক্ৰবেহুত সুমুৱাব বিচাৰিছিল, কিন্তু তেওঁলোকে নোৱাৰিলে।

লগতে তেওঁ কয়, এতিয়াৰে পৰা অধিক শক্তিশালী ৰূপত বিৰোধীৰ ভূমিকাত অৱতীৰ্ণ হ’ম মই। মোৰ ভয় নাইকিয়া হ’ল। এই সমস্যা শেষ হ’ল।

লগতে পঢ়ক – মুম্বাইত ভাৰতৰ প্ৰথমখন এপলৰ অফিচিয়েল দোকান মুকলি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply