নিউজ ডেস্ক- বৰ্তমান ৰাজ্যত একেলেথাৰি ধুমুহা, বতাহ-বৰষুণ হোৱা দেখা গৈছে। কালি হোৱা বতাহ-ধুমুহা আৰু প্ৰৱাল শিলাবৃষ্টিয়ে শিৱসাগৰত বিস্তৰ ক্ষতিসাধন কৰে।

তথ্য অনুসৰি, আজি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৩খন গাঁও পঞ্চায়তৰ ১৩খন গাঁৱত শিৱসাগৰৰ চক্ৰ বিষয়া চিন্ময় স্মৃতা আৰু দুৰ্যোগ প্ৰশমন বিষয়াসকলে মিলি খৱৰ কৰিবলৈ যায়।

চৰকাৰে প্ৰদান কৰা নিয়ম অনুসৰি তেওঁলোকে পৰিয়ালসমূহক টাৰ্পোলিনসমূহ প্ৰদান কৰাৰো নিৰ্দেশ প্ৰদান কৰে। ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা গাওঁকেইখন ক্ৰমে- নাওজান, লুথুৰী চেতিয়া, চেতিয়া কৈৱৰ্ত, ১ নং কোঁৱৰ গাওঁ, ,গোঁহাই গাওঁ, কোৱামৰা সন্দিকৈ, কাঠপাৰ, খাটপথাৰ, কুৰ্লাকটিয়া, ২ নং কোঁৱৰ গাওঁ, কাটনিপাৰ, মাৰবিল, চাংমাই গাওঁ।

লগতে, শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিস্তৰ ক্ষতিসাধন হোৱা গাওঁসমূহৰ ৰাইজক অতি সোনকালে সকলো সাহাৰ্য্য প্ৰদান কৰা হ’ব বুলিও আশ্বাস প্ৰদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply