বৰপেটা : বৰপেটা জিলাৰ জনিয়া বিধানসভা সমষ্টিৰ শওঁপুৰত কৰাৰকুৰত বেঁকী নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শ কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। সম্প্ৰতি বেঁকী নদীৰ গৰাখহনীয়াই আংশিকভাৱে উটুৱাই নিয়া ২ য় বিকল্প ৰাজ্যিক ঘাইপথৰ খহনীয়াগ্ৰস্ত অংশ পৰিদৰ্শন কৰি তৎকালীনভাৱে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাক দাবী জনায় অখিল গগৈয়ে।

“১৩০ কোটি টকীয়া আঁচনিৰ নিবিদা পাছ কৰি কাম কৰোতে বহু সময় লাগিব। গতিকে সেই আঁচনিৰ বাবে অপেক্ষা কৰি থাকিলে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ ব্যপক ক্ষতি হ’ব। সেয়ে তৎকালীনভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা হাতত ল’ব লাগে। অন্যথায় বেঁকী নদীৰ গৰাখহনীয়াত ৰাইজৰ ক্ষতি হলে তাৰ বাবে জগৰীয়া হ’ব চৰকাৰ” গৰাখহনীয়া প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰি এইদৰে কয় শিৱসাগৰৰ বিধায়ক গৰাকীয়ে।

লগতে পঢ়ক –  জনিয়াৰ লাংলাত বজ্ৰ পৰি এজনৰ মৃত্যু

ইফালে গুৱাহাটীৰ শিলসাকোঁ বিলত উচ্ছেদ চলোৱা কাৰ্যকো তীব্ৰ সমালোচনা কৰি এয়া বিজেপিৰ এক ৰাজনৈতিক অস্ত্ৰ বুলিও কয় বিধায়ক অখিল গগৈয়ে। চৰকাৰে বানমুক্ত অসম গঢ়াৰ কথা কৈছিল যদিও গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ সংহাৰ বুলি কোৱাৰ লগতে গোটেই অসমত বানপানীয়ে ভয়ংকৰ ৰূপ লৈছে বুলিও কয় অখিল গগৈয়ে। জনিয়া সমষ্টিৰ কৰাৰকুৰৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি শীঘ্ৰে বেঁকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰক দাবী জনায় অখিল গগৈয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply