মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বুধবাৰে প্ৰথমবাৰৰ বাবে আক্ৰাছুৰ জিলা সমিতি গঠন কৰা হয়। উল্লেখযোগ্য যে প্ৰায় ৩২ বছৰ পূৰ্বে কোচ ৰাজবংশী জনজাতীয় লোক সকলৰ ছাত্ৰ সন্থা আক্ৰাছু গঠন কৰা হৈছিল। কিন্তু জিলাখনত কোচ ৰাজবংশীৰ বহু জনজাতীয় লোক বসবাস কৰাৰ পিছতো দীৰ্ঘদিনে জিলাখনত গঠন হোৱা নাছিল আক্ৰাছুৰ জিলা সমিতি।
বুধবাৰে জিলাখনৰ একাংশ ছাত্ৰ নেতাৰ তৎপৰতাত জিলাখনত আক্ৰাছুৰ এখন জিলা সমিতি গঠন কৰা হয়। আক্ৰাছুৰ এই জিলা সমিতিত হিতো ৰঞ্জন বর্মনক সাধাৰণ সম্পাদক হিচাপে বাছনি কৰাৰ লগতে কাৰ্তিক বৰ্মনক সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। প্ৰথমবাৰৰ বাবে দক্ষিণ শালমাৰা মানকাচৰ জিলাত এই জিলা সমিতি গঠন কৰা হয়।
লগতে পঢ়ক – গৌৰাং নদীত গা ধুবলৈ গৈ সন্ধানহীন ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ
মন কৰিবলগীয়া যে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বলোৰাম বৰ্মনৰ উপস্থিতত মানকাচৰৰ বাঘাপাৰা নাৰিভিটা এল পি স্কুলত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি কোচ ৰাজবংশীৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হয়। এই সভাৰ অন্তত বৰ্মনে কয় চৰকাৰে আমাক কমতাপুৰ ৰাজ্য দিবই লাগিবই। আনহাতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কোচ ৰাজবংশীৰ বিভিন্ন সমস্যাৰ বিষয়ে সদায় মাত মাতি যাব বুলিও বৰ্মনে মত প্ৰকাশ কৰে।