নিউজ ডেস্ক- গুৱাহাটীত অসম বেডমিন্টন সন্থাৰ উদ্যোগত অহা ১০-১৭ মে’লৈ সৰ্বভাৰতীয় জুনিয়ৰ ৰেংকিং বেডমিন্টন প্ৰতিযোগীতা অনুস্থিত হ’ব। এই প্ৰতিযোগীতাখন দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ স্টেডিয়ামত অনুস্থিত হ’ব।
জানিব পৰা মতে, ১৯ বছৰ অনূৰ্ধ্বৰ ল’ৰা-ছোৱালীয়ে এই প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিব পাৰিব।
অসম বেডমিন্টন সন্থাৰ সম্পাদক ওমৰ ৰচিদে প্ৰতিযোগীতাৰ প্ৰস্তুতি সম্পৰ্কে কয় “ইতিমধ্যে অসম বেডমিন্টন সন্থাৰ সভাপতি তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰে দেশৰ প্ৰায় ডেৰ হাজাৰ নৱাগত শ্বাটলাৰক আদৰিলৈ অসম বেডমিন্টন সন্থাই সুপৰিকল্পিত ব্যৱস্থাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।”
আনহাতে, এই প্ৰতিযোগীতাখন ল’ৰা আৰু ছোৱালীৰ একক শাখাত আৰু উভয়ৰে যুটীয়া শাখাতো অনুস্থিত হ’ব। আৰু এই প্ৰতিযোগীতাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিৰ্বাচকে ভাৰতীয় জুনিয়ৰ দলৰ শিবিৰলৈ খেলুৱৈ নিৰ্বাচন কৰিব।