নিউজ ডেস্ক: কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে ঘোষণা কৰিছে যে মন্ত্ৰালয়ে ভাৰত-চীন সীমান্তৰ গাঁৱে-ভূঞে দূৰৈৰ অঞ্চলত বিনামূলীয়া দূৰদৰ্শন ডি টি এইচ সংযোগৰ যোগান নিশ্চিত কৰিব। তেওঁ লগতে কয় যে এই দুৰ্গম গাঁওসমূহৰ বাসিন্দাসকলৰ বাবে উন্নত মোবাইল সংযোগ শীঘ্ৰে সুনিশ্চিত কৰা হ’ব আৰু চৰকাৰে এই অঞ্চলসমূহৰ সৰ্বোচ্চ সংযোগ সুনিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
লেহৰ পৰা প্ৰায় ২১১ কিলোমিটাৰ দূৰৈৰ লাডাখৰ কাৰ্জোক গাঁৱৰ ৰাইজৰ সৈতে হোৱা এক মত বিনিময়ৰ সময়ত মন্ত্ৰীগৰাকীয়ে এই কথা কয়। উল্লেখ্য যে ডিডি “ফ্ৰীডিছ”ৰ মঞ্চৰ জৰিয়তে দূৰ-দূৰণিৰ আৰু সীমান্ত অঞ্চলত বসবাস কৰা লোকসকলৰ কাষ চপাৰ লক্ষ্যত উপনীত হ’বলৈ চৰকাৰে সীমান্ত অঞ্চলৰ গাঁৱে-ভূঞে ১.৫ লাখ বিনামূলীয়া ফ্ৰীডিছ সংযোগ বিতৰণৰ প্ৰস্তাৱ আগবঢ়াইছে।
সীমান্তৱৰ্তী গাঁওসমূহৰ উন্নয়নৰ বাবে চৰকাৰ দায়বদ্ধ বুলি দৃঢ়তাৰে উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গাঁওবাসীক আশ্বাস দিয়ে যে তেওঁলোকৰ উন্নত ডিজিটেল সংযোগ আৰু পথ সংযোগ, পৰ্যটনৰ আন্তঃগাঁথনি বৃদ্ধি, ক্ৰীড়া আন্তঃগাঁথনি আৰু উন্নত জল জীৱন অভিযানৰ দাবীসমূহো অগ্ৰাধিকাৰ ভিত্তিত কাৰ্যকৰী কৰা হ’ব।