ভূপালৰ মধ্যাঞ্চল প্ৰফেচনেল বিশ্ববিদ্যালয়ত অনুস্থিত হ’ব All India University Grappling tournament 2023।

এই প্ৰতিযোগিতাত অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু দ্য ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ বহু কেইগৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।

জানিব পৰা মতে, Grappling Association Of Assam ৰ সাধাৰণ সম্পাদক নুৰ আলম সৰকাৰৰ তত্বাৱধনাত বুধবাৰে খেলুৱৈসকল ভূপাললৈ ৰাওনা হ’ব।

এই প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকল ক্ৰমে- মাফিজুদ্দিন আহমেদ (৫৬ কেজি), দিবাকৰ নাথ ( ৭১ কেজি), পাৰ্থজিৎ তালুকদাৰ (৬৮ কেজি)। এই দলৰ মুখ্য প্ৰশিক্ষক আছিল ৰণময়জ্যোতি শৰ্মা।

দ্য ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ পৰা অংশগ্ৰহণ কৰা খেলুৱৈগৰাকী হৈছে- জিতুল জ্যোতি মহন্ত  (৭১ কেজি)। তেওঁৰ মুখ্য প্ৰশিক্ষক হৈছে মুকুট দাস।

ইফালে, কটন বিশ্ববিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰিব হৃষিকেশ কলিতা (৬৬ কেজি), আৰু মানৱেন্দ্ৰ কলিতা (৫০ কেজি)। তেওঁলোকৰ মুখ্য প্ৰশিক্ষক নুৰ আলম সৰকাৰ।

উল্লেখ্য যে,  All India University Grappling tournament 2023  খন ১৪ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিললৈ অনুস্থিত হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply