মৰিয়নী : মৰিয়নীত চাঞ্চল্যকৰ ঘটনা। মৰিয়নীত এফ চি আইৰ চাউল ভৰ্তি ট্ৰাক জব্দ কৰিলে আৰক্ষীয়ে। মৰিয়নীৰ চেলেংহাটত এফ চি আইৰ চাউল ভৰ্তি ট্ৰাক আৰক্ষীয়ে জব্দ কৰি চালকক মাৰধৰ কৰি মটৰ চাইকেল চোৰ সজোৱা চেষ্টাৰ অভিযোগ উত্থাপন হৈছে।
মৰিয়নীৰ টীয়কৰ থানাৰ অন্তৰ্গত চেলেংহাত আৰক্ষীয়ে নিশা ধোদৰ আলিত ডিমাপুৰৰ পৰা নগালেণ্ডৰ মন অভিমূখে গৈ থকা এনএল-০৭-এ-৬৭৫৪ নম্বৰৰ এখন ১১০৯ ট্ৰাক জব্দ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়ে উক্ত ট্ৰাকখন নাগালেণ্ডৰ মন জিলালৈ গৈ আছিল যদিও উক্ত ট্ৰাকখনৰ কাগজ পত্ৰ নথকাৰ বাবেই আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰে।
পৰৱৰ্তী সময়ত ট্ৰাকখনৰ চালকজনে অভিযোগ কৰে যে ট্ৰাকখন ৰাস্তাৰে গৈ থকা সময়ত ট্ৰাকখন বাতত ধৰি চেলেংহাট আৰক্ষীয়ে নথিপত্ৰ পৰীক্ষা কৰাৰ নামত ট্ৰাকখন থানালৈ আনি ট্ৰাক চালকক মাৰধৰ কৰি নিশাটো থানাতে আৱদ্ধ কৰি ৰাখি পুৱা চালক আৰু হেণ্ডিমেনক পুনৰ মাৰধৰ কৰা লগতে বাইক চোৰ সজোৱাৰ চেষ্টা কৰে৷
লগতে পঢ়ক – মহানগৰীৰ জয়ানগৰত মুকলি হ’ব অসম তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়
উক্ত ঘটনাক লৈ সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। অপৰাধ নিয়ন্ত্ৰণ কৰাত বিফল আৰক্ষীয়ে এতিয়া ৰাস্তাৰে যোৱা লোকক অপৰাধী সজাই কৰ্ম বিফলতা লুকুৱাব চেষ্টা কৰাৰ লগতে বাহ বাহ লোৱাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে।