গুৱাহাটী : পিষ্টল দেখুৱাই যুৱতীক ধৰ্ষণৰ অপচেষ্টা। গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ইতিমধ্যে আৰক্ষীৰ জালত যুৱতী গৰাকীক ধৰ্ষণৰ অপচেষ্টা চলোৱা যুৱক সকল। আৰক্ষীৰ তদন্ত অব্যাহত।

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী যুৱতীক পিষ্টল দেখুৱাই ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে চাৰিজনকৈ যুৱকৰ বিৰুদ্ধে। নিশা আহাৰ গ্ৰহণৰ পিছত চাৰিজন যুৱকে ধৰ্ষণৰ অপচেষ্টা চলোৱা বুলি ভুক্তভোগী যুৱতী গৰাকীয়ে অভিযোগ কৰিছে।

যুৱতী গৰাকীয়ে অভিযোগ কৰে যে নৈশ আহাৰ গ্ৰহণৰ বাবে এজন যুৱকে যুৱতী গৰাকীক এটা গেষ্ট হাউচলৈ মাতিছিল আৰু আহাৰ গ্ৰহণৰ পিছত যুৱতী গৰাকীক পিষ্টল দেখুৱাই ধৰ্ষণৰ অপচেষ্টা চলাইছিল। ঘটনা সন্দৰ্ভত যুৱতী গৰাকীয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে।

লগতে পঢ়ক – ‘ছিংগল ইউজ’ প্লাষ্টিক কি? পহিলা জুলাইৰ পৰা ৰাজ্যত বন্ধ হ’ব ‘ছিংগল ইউজ’ প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ

যুৱতী গৰাকীৰ এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে যুৱক চাৰিজনক আটক কৰে। আৰক্ষীয়ে যুৱক চাৰিজনৰ কবলৰ পৰা এটা পিষ্টল জব্দ কৰিছে। অধিক তথ্যৰ বাবে দিছপুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply