গৌৰীপুৰ : ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ ঘটনা। ৰাজপথৰ ওপৰতে জ্বলি উঠিল এখন বাহন। দুর্ঘটনাৰ পিছতে ৰাজপথৰ ওপৰত জ্বলি উঠে বাহনখন। আহত ৫ জনকৈ লোক।
ধুবুৰী জিলাৰ গৌৰীপুৰৰ তাৰঘাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এএছ-১৬-ডি-৮৮৫৫ নম্বৰৰ এখন অল্ট’ গাড়ী গৌৰীপুৰৰ পৰা গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই গদাধৰ নদীৰ ওপৰত থকা দলঙত খুন্দা মাৰে। ইয়াৰ পিছতে বাহনখন জ্বলি উঠে।
লগতে পঢ়ক – মাৰ্ঘেৰিটাত চলিছে চোৰৰ উপদ্ৰৱ
পথৰ ওপৰত বাহনখন দাওদাওকৈ জ্বলি উঠাত অঞ্চলজুৰি এক আতংকময় পৰিৱেশ সৃষ্টি হয়। এই দুর্ঘটনাত ৫ জনকৈ লোক আহত হৈছে। আহত লোক সকলক স্থানীয় ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।