নিউজ ডেস্কঃ আই পি এলৰ পৰা মহেন্দ্ৰ সিং ধোনীৰ অৱসৰ কথা চৰ্চাৰ মাজতে চেন্নাই চুপাৰ কিংছৰ খেলুৱৈ অম্বাতি ৰায়ুডুৱে ঘোষাণা কৰিছে নিজা অৱসৰ কথা। দেওবাৰে অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ ফাইনেলখনৰ পূৰ্বে টুইটাৰত জৰিয়তে অৱসৰ কথা ঘোষণা কৰে খেলুৱৈ গৰাকীয়ে।

ৰায়ুডুয়ে টুইটাৰত লিখে, “মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছ আই পি এলৰ দুটা ডাঙৰ দল। এই দল দুটাৰ হৈ মুঠ ২০৩ খন মেচ খেলাৰ উপৰি ১৪ টা ছিজনত ১১ বাৰ প্লে অফ খেলাৰ লগতে ৮ বাৰ ফাইনেলত প্ৰৱেশ কৰি পাঁচবাৰ ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছোঁ”।

একেইটা টুইটতে লগতে লিখে, “এয়া এক দীঘলীয়া যাত্রা। আটাইতকৈ সফল দল দুটাৰ হৈ খেলিবলৈ পোৱাটো মোৰ বাবে সৌভাগ্য। আজিৰ ফাইনেলখন হ’ব মোৰ অন্তিমখন আই পি এল মেচ”।

উল্লেখ্য যে, ২০১০ চনৰ পৰা আই পি এল খেলা ৰায়ুডুৱে ২০১৭ লৈ ৰায়ুডুয়ে মুম্বাই ইণ্ডিয়ানছ দলত খেলিছিল। ২০১৮ চনৰ পৰা চেন্নাই চুপাৰ কিংছৰ হৈ খেলি অহা আজিৰ আই পি এল খেলখনেই অম্বাতি ৰায়ুডুৰ অন্তমিখন খেল হ’ব।

উল্লেখ্য যে, বৰষুণৰ বাবে স্থগিত কৰিব লগীয়া আই পি এলৰ দেওবাৰৰ ফাইনেল খেলখন আজি অনুষ্ঠিত হ’ব। খেলুৱৈ গৰাকী আই পি এলত প্ৰদৰ্শন হিচাপে বৰ্তমানলৈকে ২০৩ মেচত ৪,৩২৯ ৰান সংগ্ৰহত এটা শতক আৰু ২২ টা অর্ধশতকসহ আছে।

লগতে পঢ়ক – মণিপুৰত সেনাৰ অভিযানত ৪০ বিদ্ৰোহী, ৪ সাধৰণ লোক আৰু ২ কমাণ্ডো নিহত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply