গুৱাহাটী : শক্তিপীঠ কামাখ্যাত আৰম্ভ মহা অম্বুবাচী মহোৎসৱ। অম্বুবাচীক লৈ উখল মাখল পৰিৱেশ শক্তিপীঠ কামাখ্যা মন্দিৰত।কামাখ্যা মন্দিৰত সমাগম ঘটিছে দেশ-বিদেশৰ সাধু-সন্ন্যাসীৰ।

কামাখ্যা মন্দিৰৰ আখৰা গৃহত আশ্ৰয় লৈছে দুই শতাধিকৰো অধিক সাধু-সন্ন্যাসীয়ে। বিগত ২ বছৰৰ পিছত অনুষ্ঠিত হোৱা অম্বুবাচী মেলাকলৈ উৎফুল্লিত ভক্ত সকলৰ লগতে সাধু-সন্যাসী আৰু বাবা সকল। ২২ জুন অৰ্থত বুধবাৰে, প্রবৃত্তিৰ সময় ৮ বাজি ১৮ মিনিট ১৮ ছেকেণ্ড আৰু নিবৃত্তিৰ সময় হ’ব ২৬ জুনত দেত্তবাৰ পুৱা ৮ বাজি ৪১ মিনিট ৫৮ ছেকেণ্ড।

ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত সকলে ভিৰ কৰিছে শিবিৰ সমূহত। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত সকল যাতে কোনো সমস্যাৰ সন্মুখীন নহয় ইয়াৰ বাবে সকলো ব্যৱস্থা কৰিছে অসম চৰকাৰৰ পৰ্যটন বিভাগে। ধৰ্মীয় পৰম্পৰাৰ মাজেৰে ২ বছৰ অন্তত অনুষ্ঠিত হোৱা অম্বুবাচী মেলাত এইবেলি কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা নহয়।

লগতে পঢ়ক – বোকাখাতৰ আলামি-ৰোহিতা-ভলুকাগুৰি সংযোগী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

মেলাকলৈ ভক্ত সকল উৎফুল্লিত যদিও এইবেলি ক’ভিড আৰু বানপানীৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে অম্বুবাচী মেলাত। এফালে ক’ভিডৰ আৰু আনফালে ৰাজ্যৰ ৩১ খনকৈ জিলা বানপানীৰ কবলত পৰাৰ বাবে বহু ভক্তই এইবেলি আহিব পৰা নাই কামাখ্যা মন্দিৰলৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply