নিউজ ডেস্ক: আপোনালোকৰ মনত আছে নে বাৰু অসম মেডিকেল কলেজৰ ডাঃ সৰিতা তাস্নিৱাল হত্যাকাণ্ডৰ কথা। হয়তু প্ৰায় ভাগেৰে এতিয়া পাহৰণিৰ গৰ্ভত। যিহেতু সময়ো বহু দিন হ’ল, ৯ টা বছৰৰ আগৰ কথা। কিন্তু সেইসময়ত অসম মেডিকেল কলেজত পঢ়ি থকা শিক্ষাৰ্থী ডাক্তৰ সকলে তথা প্ৰায়বোৰ ডিব্ৰুগড়বাসী লোকে আজিও পাহৰিব পৰা নাই।
২০১৪ চনৰ ৯ মে’ত পুৱা ৫.৩০ বজাত অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি ৰোগ বিভাগৰ আইচিইউত কৰ্তব্যৰত অৱস্থাত থকা ডাঃ সৰিতা তাস্নিৱালক এবছৰৰ জ্যেষ্ঠ চিকিৎসক তথা সহকৰ্মী ডাঃ দীপমণি শইকীয়া আৰু ৱাৰ্ড বয় কিৰু মেচে ধৰ্ষণ কৰি অস্ত্ৰোপচাৰৰ ব্লেডেৰে ডিঙি কাটি নৃশংসভাৱে হত্যা কৰিছিল।
উক্ত এই নৃশংসভাৱে হত্যাকাণ্ডটোৰে আজি ডিব্ৰুগড় জিলা আৰু চেচন ন্যায়াধীশ আদালতে চূড়ান্ত ৰায় ঘোষণা কৰিব। ডাঃ সৰিতা তাস্নিৱালৰ চাঞ্চল্যকৰ ধৰ্ষণ সহ হত্যাৰ গোচৰটোৱে চলিত মাহৰ ৯ মে’ত ৯ বছৰ গৰকিলে। আশা কৰা হৈছে আজি ডিব্ৰুগড় জিলা আৰু চেচন ন্যায়াধীশ আদালতত ডাঃ সৰিতা তাস্নিৱালৰ পৰিয়ালৰ সদস্যই ন্যায় লাভ কৰাৰ সম্ভাৱনা আছে।
লগতে পঢ়ক – “আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা” আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ