গুৱাহাটী : অসমৰ চাহ বাগিচা এলেকাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ বাবে মুখ্যমন্ত্ৰীয়ে যি আঁচনি গ্ৰহণ কৰিছে, সেই আঁচনিৰ আধাৰত স্থাপিত কামৰূপ মহানগৰ জিলাৰ আমচং আদৰ্শ হাইস্কুলখন বৃহস্পতিবাৰে উদ্যোগ, বাণিজ্য, পৰিবহন আদি বিভাগৰ মন্ত্ৰী তথা অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে শুভাৰম্ভ কৰে। গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, উপায়ুক্ত পল্লৱ গোপাল ঝাৰ উপৰি বৃহৎ সংখ্যক ৰাইজৰ উপস্থিতিত নৱনিৰ্মিত আমচং আদৰ্শ হাইস্কুলখনৰ দ্বাৰ উন্মোচন কৰে অভিভাৱক মন্ত্ৰী গৰাকীয়ে।
মন্ত্ৰী গৰাকীয়ে কয় যে বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকী বিত্ত, শিক্ষা আদি বিভাগৰ মন্ত্ৰী হৈ থাকোতেই চাহ সম্প্ৰদায়ৰ শিক্ষাৰ ক্ষেত্ৰত মৰ্মবেদনা উপলব্ধি কৰিছিল আৰু জ্ঞানৰ পোহৰেৰে উজ্বলোৱাৰ সংকল্প লৈছিল। আজি সেই সংকল্পৰে সিদ্ধি হ’ল। তেওঁ ভাষণত চাহ সম্প্ৰদায়ৰ বাবে গ্ৰহণ কৰা বিভিন্ন সুবিধা যেনে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ জলপানী প্ৰদান, ফুটবল একাডেমী স্থাপন, হোষ্টেল স্থাপন, ৰঙ্গমঞ্চ স্থাপন, অতিথিশালা স্থাপন আদিৰ বিষয়ে উল্লেখ কৰে আৰু চাহ সম্প্ৰদায়ৰ উন্নয়নৰ বাবে চৰকাৰৰ এনেধৰণৰ কল্যাণকামী কাম-কাজ অনাগত দিনতো চলি থাকিব বুলি উল্লেখ কৰে।
ভাষণ প্ৰসংগত লোক সভা সমষ্টিৰ সাংসদ কুইন ওজাই বৰ্তমানৰ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ উল্লেখ কৰি কয় যে ৰাইজে শিক্ষানুষ্ঠান, দলং ৰাষ্টা নিৰ্মাণৰ বাবে এতিয়া আৰু আন্দোলন কৰিব নালাগে। বৰ্তমানৰ চৰকাৰে জনসাধাৰণৰ অভাৱ অভিযোগ বোৰ বুজি পায়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়ক অতুল বৰাই ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলকো শিক্ষা লাভৰ এই প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ অনুৰোধ কৰে।
লগতে পঢ়ক – দৰংৰ পৰা গ্ৰেপ্তাৰ বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্ত
বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীয়ে আদৰণি ভাষণ আৰু আত ধৰা এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ ঝুমুৰ, তিৱা আদি নৃত্য প্ৰদৰ্শেনে দৰ্শক সকলক মোহাচ্ছন্ন কৰি ৰাখে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাই।