ইউক্ৰেইনলৈ সহায়ৰ হাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ

ৰাছিয়াৰ আগ্ৰাসনে এফালৰ পৰা আৰ্থিকভাৱে জুৰুলা কৰি অহা ইউক্ৰেইনলৈ সহায়ৰ হাত আগবঢ়ালে আমেৰিকাই। শেহতীয়াকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কী মিলিত হৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’  বাইডেনৰ সৈতে। এই বৈঠকতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে আৰ্থিক সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰে জেলেনস্কীয়ে।

এই ঘোষণা অনুসৰি,  বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰায় ২ বিলিয়ন ডলাৰৰ সাহায্য আগবঢ়াব ইউক্ৰেইনলৈ আৰু পৰৱৰ্তী সময়ত এই সাহায্যৰ পৰিমাণ বৃদ্ধি হৈ হ’বগৈ ৫০ বিলিয়ন ডলাৰ।

এই বৈঠকৰ পাছত আন্তৰ্জাতিক বজাৰত শক্তি আৰু খাদ্য সংকটৰ আশংকা কৰা হৈছে যদিও কিন্তু বৈঠক খন সন্দৰ্ভত যোগাত্মক মন্তব্য আগবঢ়াই আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে।   

উল্লেখ্য যে, আমেৰিকাই পূৰ্বৰে পৰাই যুদ্ধ সন্দৰ্ভত প্ৰকাশ কৰি আহিছিল দুমুখীয়া নীতি। ইউক্ৰেইনলৈ বাহ্যিক সমৰ্থন আগবঢ়াই পৰৱৰ্তী সময়ত ৰাছিয়াৰ আগ্ৰাসনক আকৌ গুৰুত্ব সহকাৰে ল’বলৈ কৈ আহিছিল আমেৰিকাই। যাৰ ফলত ৰাষ্ট্ৰ খনৰ প্ৰকৃত সমৰ্থন পাবলৈ সক্ষম হোৱা নাছিল ইউক্ৰেইনে। কিন্তু শেহতীয়া আৰ্থিক সমৰ্থনে স্পষ্ট কৰিছে বহু কথা। অৱশেষত স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হ’ল বিশ্বৰ মহাশক্তিশালী দেশখন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply