ৰংমন দাস

সমাগত ২০২৪ চনৰ লোকসভা নিৰ্বাচন। মোদী এণ্ড কোম্পানীক অসমৰ পৰা ১৪ টা লোকসভা সমষ্টিৰ অতি কমেও ১১ টা সমষ্টিৰ সমৰ্থন লাগে। তাৰ বাবে ইতিমধ্যে লক্ষ্য নিৰ্ধাৰণ কৰি দিয়াৰ খবৰ আমাৰ হাতত। এই তালিকাখনলৈ মন কৰিলে বুজিব যে উজনিৰ লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট আৰু তেজপুৰ ভাৰতীয় জনতা পাৰ্টীৰ দখলত। ইফালে কলিয়াবৰ, নগাওঁ কংগ্ৰেছৰ দখলত। বৰাক উপত্যাকাৰ কৰিমগঞ্জ আৰু শিলচৰ, আনফালে পাৰ্বত্য সমষ্টি ভাৰতীয় জনতা পাৰ্টীৰ দখলত। নামনিৰ ধুবুৰী, কোকৰাঝাৰ, বৰপেটা এখনো হাতত নাই বিজেপিৰ। এই পৰিসংখ্যা দাঙি ধৰিছো বিজেপিয়ে ২০২৪ ৰ বাবে বান্ধি লোৱা লক্ষ্যৰ এক ছবি উপস্থাপন কৰিবলৈ। 

এই লক্ষ্যত উপনীত হ’ব বাবেই ৰাজ্যিক বিজেপিৰ সাংগঠনিক দায়িত্বৰ ক্ষেত্ৰত কিছু সালসলনি কৰাৰ নিৰ্দেশ আহিছে কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিৰ পৰা। মন কৰিব, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৰাজ্যিক সভাপতি ভবেশ কলিতা, এই আটাইকেইগৰাকীয়েই নামনি অসমৰ নেতা। আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এক সন্তুলিত সাংগঠনিক ব্যৱস্থা প্ৰতিষ্ঠাৰ বাবে গুৰুত্ব প্ৰদান কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় কৰ্ণধাৰে। ইতিমধ্যে দেশৰ একাধিক ৰাজ্যত অপাৰেশ্যন ল’টাছ কাৰ্যকৰী কৰাৰ পিছত এতিয়া বিভিন্ন ৰাজ্যত সাংগঠনিক ভাৰসাম্য নিয়ন্ত্ৰণলৈ অনাৰ কামত নামি পৰিছে বিজেপি।

শেহতীয়া খবৰ অনুসৰি ৰাজ্যিক সভাপতি পদৰ পৰা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাক আঁতৰোৱাৰ চিন্তা-চৰ্চা চলিছে ৰাজ্যিক বিজেপিৰ ভিতৰচ’ৰাত। উজনি অসমত লোকসভা সমষ্টিৰ ক্ষেত্ৰত বিজেপি এক শক্তিশালী স্থিতিত থকাৰ পৰিপ্ৰেক্ষিতত অন্ততঃ সভাপতি পদটো উজনি অসমৰ এগৰাকী নেতাৰ হাতত অৰ্পন কৰা হ’ব। ইয়াৰ বাবে শেহতীয়াকৈ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু মাহমৰাৰ বিধায়ক তথা বৰ্তমানৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ নাম চৰ্চালৈ আহিছে। উল্লেখ্য যে ২০১৮ চনৰ ২১ জানুৱাৰীত বৰ্তমানৰ মন্ত্ৰী তথা নামনি অসমৰ নেতা ৰণজিৎ কুমাৰ দাসে দ্বিতীয় বাৰৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি পদত আসীন হৈছিল। পিছে ১০ মে’ত হিমন্ত মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতে পুনৰ নামনি অসমৰ নেতা তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতাই ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব লাভ কৰে। পিছে শেহতীয়াকৈ উত্থাপিত হোৱা জলসিঞ্চন বিভাগৰ নিযুক্তি কেলেংকাৰীত সভাপতি কলিতাৰ নাম সাঙোৰ খাই পৰাৰ পিছতে এগৰাকী উজনিৰ নেতাক সভাপতি পদত বহুওৱাৰ ব্যাপক প্ৰস্তুতি চলিছে।

শেহতীয়া ডেৰবছৰীয়া সভাপতিত্বৰ কালছোৱাত বিশেষ সফলতা দেখুওৱাত ব্যৰ্থ হোৱা ভৱেশ কলিতাক অৱশ্যে হিমন্ত মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰোৱা হ’ব। তাৰ বাবে তেওঁক আসন এৰি দিব লাগিব ৰণজিৎ কুমাৰ দাসে। ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিটো বিজেপিয়ে অসম গণ পৰিষদক এৰি দিছিল যদিও দুয়োবাৰতে চূড়ান্তভাৱে ব্যৰ্থ হৈ এবাৰ এআইইউডিএফ আৰু আনবাৰ কংগ্ৰেছৰ বিৰুদ্ধে পৰাস্ত হৈছিল। প্ৰথমবাৰ তেতিয়াৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু দ্বিতীয়বাৰ কুমাৰ দীপক দাসে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও আসন্ন লোকসভা নিৰ্বাচনত এই সমষ্টিটো বিজেপিয়ে নিজৰ লগত ৰাখি ৰণজিৎ কুমাৰ দাসক এই সমষ্টিটোৰ পৰা অৱতীৰ্ণ কৰাব। অৱশ্যে ধৰ্মপুৰৰ বিধায়ক তথা বৰ্তমানৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকো সাংসদ হিচাপে এই সমষ্টিটোৰ পৰা প্ৰেৰণ কৰাৰ গুণাগথা চলি আছে যদিও মুখ্যমন্ত্ৰীৰ একান্ত বাধ্য বুলি পৰিচিত হোৱাৰ লগতে পুৰণি এজিপি বুলি পৰিচিত পাটোৱাৰী হয়তো আন এক অগ্নিপৰীক্ষাৰ পৰা ৰক্ষা পাব।

সমগ্ৰ দেশত বৰ্তমান ১৪৪ টা লোকসভা সমষ্টি বিজেপিৰ দখলত নাই। অপাৰেশ্যন ল’টাছৰ পিছত বিজেপিৰ মিছন এই বাকী ১৪৪ টা সমষ্টি উদ্ধাৰ। অসমতো অনুৰূপ ধৰণে কলিয়াবৰ, বৰপেটা, নগাওঁ উদ্ধাৰৰ বাবে যো-জা চলাইছে। ইতিমধ্যে বৰপেটা সমষ্টি পৰ্যবেক্ষণৰ দায়িত্ব দিয়া হৈছে সাংসদ ভুৱনেশ্বৰ কলিতাক। এইখিনিতে উল্লেখ কৰি থও যে ৰাজ্যিক বিজেপিৰ একাধিক সাধাৰণ সম্পাদক আৰু উপ-সভাপতিয়েও এইবাৰৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াব বুলি খবৰ আহিছে তেনেক্ষেত্ৰত ৰাজ্যিক সভাপতি সলনি কৰাৰ লগে লগে কাৰ্যনিৰ্বাহকখনতো ব্যাপক সালসলনি হোৱাটো নিশ্চিত আৰু নতুন সভাপতিয়ে পূৰ্বৰ এইসকল প্ৰাৰ্থীত্ব প্ৰত্যাশীক লোকসভাত মনোনিবেশ কৰিবৰ বাবে দলীয় দায়িত্বৰ পৰা মুকলি কৰি দিয়াটো নিশ্চিত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply