প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ ‘অগ্নিপথ’ আঁচনিক লৈ দেশজুৰি বিশেষকৈ বিহাৰত অব্যাহত থকা প্ৰতিবাদ আৰু বন্ধৰ লগতে অসমৰ শেহতীয়া বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে’লৱেই শনিবাৰে আৰু ১০খন ট্ৰেইনৰ চলাচল বাতিল কৰিছে।

এন এফ ৰে’লৱেৰ এগৰাকী মুখ্য জন সংযোগ বিষয়া সব্যসাচী দেয়ে জনোৱা মতে পূব মধ্য ৰে’লৱেৰ অন্তৰ্গত অঞ্চলসমূহত চলাচল কৰা ট্ৰেইনৰ ডবা জ্বলোৱাকে ধৰি ৰে’লৱে সম্পত্তিৰ ক্ষতিসাধন কৰা ব্যাপক আন্দোলনৰ পৰিপ্ৰেক্ষিতত তথা বিহাৰ বন্ধ আৰু অসমৰ লামডিং আৰু ৰঙিয়া সংমণ্ডলত বানৰ ফলত ৰে’লপথসমূহৰ সাধনৰ পৰিপ্ৰেক্ষিতত কিছুমান ট্ৰেইন বাতিল/পথৰ সালসলনি/ৰিশ্বেডুলড/শ্বৰ্ট-টাৰ্মিনেটেড/শ্বৰ্ট-অৰিজিনেটেড কৰা হৈছে।

ইয়াৰ পূৰ্বে যোৱা শুকুৰবাৰে এন এফ ৰে’লৱেই বিহাৰত হোৱা হিংসাত্মক প্ৰতিবাদৰ বাবে ১১খন ট্ৰেইন আৰু অসমত চলি থকা বানপানীৰ বাবে ৮খন ট্ৰেইন বাতিল কৰিছিল।

বাতিল কৰা ট্ৰেইন কেইখন হৈছে – Dibrugarh-Lalgarh Express, New Jalpaiguri New Delhi Express, Jorhat Town Guwahati JanShatabdi Express, New Jalpaiguri Rajendranagar Capital Express, Katihar Samastipur, Katihar Barauni, Purnea Saharsha passenger ট্ৰেইন, Rangiya Rangapara, Rangiya-Dekargaon, Dekargaon-Rangiya passenger ট্ৰেইন।

লগতে পঢ়ক –  ৩২ খন জিলাৰ ৩০ লাখতকৈও অধিক লোক বানপানীৰ ফলত প্ৰভাৱিত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply