যোৰহাট : যোৰহাটৰ ভোগদৈ দলঙত উদ্ধাৰ বৃহৎ পৰিমাণৰ গুলী। যোৰহাটৰ ৰাজতিয়া ভোগদৈ নদীত বৃহৎ পৰিমাণৰ সজীৱ গুলী উদ্ধাৰ হৈছে।
নদীত গা ধুবলৈ যোৱা স্থানীয় লোকে গুলীখিনিৰ সম্ভেদ লাভ কৰি নদীৰ পানীত বুৰ মাৰি কেইবা শতাধিক গুলী উদ্ধাৰ কৰে। কোনো লোকে বস্তাত ভৰাই গুলীখিনি পানীত পেলাই দিয়া বুলি সন্দেহ কৰিছে ৰাইজে।
লগতে পঢ়ক – পুনৰ ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীৰ এনকাউণ্টাৰ
ইয়াৰ বিপৰীতে একাংশৰ মতে কোনো উগ্ৰপন্থী সংগঠনৰ গুলী হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। উদ্ধাৰ হোৱা কিছু সংখ্যক গুলী বিক্ৰী কৰিছে উদ্ধাৰ কৰা লোকে বুলিও জানিব পৰা গৈছে।