নিউজ ডেস্ক: তিনিদিনীয়া ভ্ৰমণ সূচীৰে বৃহস্পতিবাৰে সন্ধিয়া মণিপুৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় মন্ত্ৰী গৰাকী মণিপুৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ উপৰিও উদ্বোধন কৰিব উত্তৰ পূৱৰ প্ৰথম খন অলিম্পিক পাৰ্ক।
মণিপুৰ চৰকাৰৰ দ্বাৰা নিৰ্মিত উত্তৰ-পূবৰ প্ৰথমখন অলিম্পিক পাৰ্ক নিৰ্মাণ কৰা হৈছে সংগাইথেলত।
এই পাৰ্ক খনত ৰাজ্যখনৰ ভৱিষ্যতৰ অলিম্পিয়ান সকলৰ প্ৰতিমূৰ্তিও থাকিব। পৰৱৰ্তী সময়ত জুডো, ভাৰোত্তোলন আৰু বক্সিঙৰ বাবে এটা প্ৰশিক্ষণ কেন্দ্ৰও উদ্যানখনত স্থাপন কৰা হ’ব বুলি জানিব পৰা গৈছে।
ইয়াৰোপৰি আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে। ১৩১১ কোটি টকাৰ ২১টা ভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।