নিউজ ডেস্ক- কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৰবীন্দ্ৰ জয়ন্তীত কলকাতাত উপস্থিত থাকিব। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬২ সংখ্যক জন্ম জয়ন্তী উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৯ মে’ত পশ্চিম বংগস্থিত সামাজিক-সাংস্কৃতিক সংস্থা ‘খোলা হাৱা’ৰ দ্বাৰা আয়োজিত এক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কলকাতা ভ্ৰমণ কৰিব।

জানিব পৰা মতে, উক্ত অনুস্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগতে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী জি কিষাণ ৰেড্ডীও উপস্থিত থাকিব। অনুষ্ঠানটো কলকাতাৰ চাইন্স চিটি প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব।

আনহাতে ‘খুলা হাৱা’ সংঘাৰ সভাপতি স্বপ্ন দাস গুপ্তাই কয় “ৰবীন্দ্ৰনাথে সমগ্ৰ বিশ্বতে বাঙালীসকলক এক পৃথক পৰিচয় প্ৰদান কৰিছে। বংগৰ সাহিত্য সংস্কৃতিলৈ তেওঁৰ অৱদান অপৰিসীম। অমিত শ্বাহ আৰু জি কিষাণ ৰেড্ডীয়ে কবি গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ এই বিশাল উদযাপনত অংশলোৱাৰ বাবে ‘খোলা হাৱা’ৰ আমন্ত্ৰণ গ্ৰহণ কৰিছে। অমিত শ্বাহে আধুনিক ভাৰতীয় চিন্তাধাৰাৰ ওপৰত কবি গুৰুৰ প্ৰভাৱৰ ওপৰত কথা পাতিব। আৰু বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰকো আমন্ত্ৰণ জনোৱা হৈছে।”

লগতে অনুস্ঠানটোত সোমলতা আচাৰ্য আৰু উজন মুখাৰ্জীয়ে ৰবীন্দ্ৰ সংগীত উপস্থাপন কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply