নিউজ ডেস্ক- এছিয়ান গেমছলৈ যোগ্যতা আহৰণত ব্যৰ্থ অসম-সন্তান অম্লান বৰগোহাঁই। ২০০ মিটাৰ দৌৰত অসম-সন্তান অম্লান বৰগোহাঁয়ে এছিয়ান গেমছলৈ যোগ্যতা আহৰণত ব্যৰ্থ হৈছে।

১৫–১৯ জুনত ওড়িশাত অনুষ্ঠিত ৬২ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ পুৰুষৰ ২০০ মিটাৰত সোণ জয় কৰে। তথাপিও এছিয়ান গেমছৰ যোগ্যতা আহৰণকাৰী ২০.৬১ ছেকেণ্ডৰ সময়মান স্পৰ্শ কৰিব নোৱাৰিলে।

অসম-সন্তান অম্লান বৰগোহাঁয়ে ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাখনৰ পঞ্চম তথা অন্তিম দিনা হোৱা ২০০ মিটাৰৰ ফাই নেল ২০.৭১ ছেকেণ্ডত সম্পূৰ্ণ কৰি সোণৰ পদক লাভ কৰে।

উল্লেখ্য যে, নতুন মীট ৰেকৰ্ডো প্রতিষ্ঠা কৰা অম্লানক আজি অনুষ্ঠিত ছেমি ফাইনেলত অৱশ্যে পাছত ৰাখি উত্তৰ প্ৰদেশৰ আকাশ কুমাৰে ফাইনেলত প্ৰৱেশ কৰিছিল। ৰাষ্ট্ৰীয় ৰেকৰ্ড ধাৰী অম্লানৰ (২০.৫২ ছেকেণ্ড) ২১.২৮ ছেকেণ্ডৰ বিপৰীতে আকাশে সময় লৈছিল ২১.২০ ছেকেণ্ড। অৱশ্যে ফাইনেলত আকাশে ২১.১৭ ছেকেণ্ড সময় লৈ ব্ৰঞ্জৰ পদক দখল কৰাৰ বিপৰীতে কৰ্ণাটকৰ শশীকান্ত বিৰুপাক্ষই ২১.০৮ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি দ্বিতীয়স্থান অৰ্জন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply