নিউজ ডেস্কঃ অসমীয়া নৱবৰ্ষ দিনা তথা মানুহ বিহুৰ দিনা অসমবাসীলৈ আহিল ভাল খবৰ।
কৰ্ণাটকৰ বাংগালোৰত অনুষ্ঠিত আজি এদিনীয়াকৈ অনুষ্ঠিত হৈছে ইণ্ডিয়ান গ্ৰেণ্ড পিক্স ৪।
ইণ্ডিয়ান গ্ৰেণ্ড পিক্স ৪ ত দুটাকৈ স্বৰ্ণ অৰ্জন কৰিবলৈ সক্ষম হৈছে অসম সন্তান অম্লান বৰগোঁহাইয়ে।
প্ৰথমটো স্বৰ্ণ পদক ১০০ মিটাৰ দৌৰত ১০.৫৩ ছেকেণ্ডত নিজৰ শ্ৰেষ্ঠত্বৰ প্ৰদৰ্শন কৰে।
আনহাতে দ্বিতীয়টো ২০০ মিটাৰ দৌৰত ২০.৭৮ ছেকেণ্ডৰে সমাপ্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয় অম্লান বৰগোঁহাইয়ে।