নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰম্ভ হোৱা এই বৃহৎ “অমৃত বৃক্ষ আন্দোলন” ৰ অংশ হিচাপে, আজি চানডুবিত অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত অনুষ্ঠিত হৈ যায় ‘অমৃত গছপুলি ৰোপণ’ কাৰ্যসূচী। উক্ত গছপুলি ৰোপণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা।
উক্ত অনুষ্ঠানতেই চানডুবি এলেকাত ৫০০ টা গছপুলি ৰোপণ কৰা হয়। ৰোপণৰ বাবে নিৰ্বাচিত কৰা গছপুলিৰ ভিতৰত শাল, শিলিখা, ভোমোৰা, আমলখি, কঠাল, আজাৰ, জামু, কদম, সোণাৰু আদি গছসমূহ লোৱা হয়। যাতে গছবোৰে ঠাইডোখৰৰ নৈসর্গিক শোভা বৃদ্ধি কৰি পর্যটকৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে অর্থনৈতিক ক্ষেত্রত গাইগুটীয়া ভাবে উপকৃত কৰিব পাৰে।
অনুষ্ঠানটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰি ঘোষণা কৰে যে, অহা ২ অক্টোবৰত গান্ধী জয়ন্তীৰ পৱিত্ৰ ক্ষণত সমগ্র ৰাজ্যতে ৯ বজাৰ পৰা ১১ বজাৰ সময়ছোৱাত ১ কোটি গছপুলি ৰোপণৰ লক্ষ্য স্থিৰ কৰা হৈছে। তদুপৰি ৰাজ্যৰ পৰিৱেশ সংৰক্ষণৰ লগতে বৃক্ষৰোপণৰ দ্বাৰা এক অৰ্থনৈতিক জাগৰণৰ সৃষ্টি ক্ষেত্ৰতো আমি পদক্ষেপ হাতত লৈছোঁ।
আজিৰ অনুষ্ঠানত উপস্থিত থকা অসম চৰকাৰৰ সকলো কেবিনেট মন্ত্ৰী, সাংসদ, বিধায়ক, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ লগতে পৰিষদখনৰ সকলো সদস্য, অন্যান্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্যসকল, জ্যেষ্ঠ চৰকাৰী বিষয়াবর্গ, স্থানীয় ৰাইজ আৰু ছাত্র-ছাত্রী সকলোৱে গছপুলি ৰোপন কৰে।
লগতে পঢ়ক – জালুকবাৰী সমষ্টিত “আয়ুষ্মান কাৰ্ড” বিতৰণৰ শুভাৰম্ভ