নিউজ ডেস্কঃ ৩৬ দিন ধৰি পলাতক হৈ থকা অমৃতপাল সিঙক গ্ৰেপ্তাৰ। পঞ্জাৱ আৰক্ষীয়ে শনিবাৰে নিশা মোগাৰ পৰা অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰিছে।
অমৃতপালক মোগাৰ ৰোডে গাঁৱৰ এটা গুৰুদ্বাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। অমৃতপালক এতিয়া ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হ’ব। এনএছএৰ অধীনত অমৃতপালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
উল্লেখযোগ্য যে, অমৃতপালে তেওঁৰ এজন সমৰ্থকৰ মুক্তিৰ দাবীত ২৩ ফেব্ৰুৱাৰীত পঞ্জাৱৰ আজনালা আৰক্ষী থানাত আক্ৰমণ কৰিছিল। ঘটনাটোৰ পিছৰে পৰা আৰক্ষীয়ে তেওঁক বিচাৰি আছিল।
ইফালে, ২০ এপ্ৰিলত অমৃতপালৰ এনআৰআই পত্নী কিৰণদীপ কৌৰক অমৃতসৰ বিমানবন্দৰত ইমিগ্ৰেচন বিষয়াসকলে ৰখাইছিল। তাই লণ্ডনলৈ গৈ আছিল। কিৰণদীপক শ্ৰী গুৰু ৰামদাস জী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৩ ঘণ্টা ধৰি সোধা-পোছা কৰা হৈছিল। ইয়াৰ পিছত, কিৰণদীপক মুক্তি দিয়া হয়।
লগতে পঢ়ক – তেজপুৰ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় জন সম্পৰ্ক দিৱস উদযাপন