নিউজ ডেস্ক- ডিব্ৰুগড়ত উপস্থিত খালিস্তানী সমৰ্থক অমৃতপাল সিঙৰ পত্নী কিৰণদ্বীপ কৌৰ। আজি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হোৱাৰ পাছত প্ৰৱেশদ্বাৰত তেওঁলোকৰ নথি-পত্ৰ পৰীক্ষা কৰি অমৃত পাল সিঙক লগ কৰিবলৈ দিয়া হয়।
আনহাতে, প্ৰায় ৪৮ দিনৰ মূৰত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানী সমৰ্থক অমৃতপল সিঙৰ পত্নীয়ে সাক্ষাৎ কৰে। তেওঁৰ লগত উপস্থিত হয় আন এক কাৰাবন্দী নেতা দলজিৎ সিং কালচিৰ পত্নী নীৰু কালচি আৰু পুত্ৰ চিমাৰজিৎ সিং।
উল্লেখ্য যে, বহুদিন ধৰি আত্মগোপন কৰি থকা অমৃতপাল সিঙে যোৱা ২৩ এপ্রিল তাৰিখে পঞ্জাৱ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে আৰু তাৰ পাচতেই গ্ৰেপ্তাৰ কৰি তেওঁক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হৈছিল। বৰ্তমান অমৃতপালকে ধৰি তেওঁৰ ১০ জন সহযোগী ডিব্ৰুগড় কাৰাগাৰত আবদ্ধ হৈ আছে।
জানিব পৰা মতে, অভিযুক্তৰ পৰিয়ালৰ সদস্যসকলে মাত্ৰ এদিনৰ বাবেহে কাৰাবন্দীসকলক সাক্ষাৎ কৰিব পাৰিব।