”ৰাতি প্ৰায় বাৰটামান বজাত আমি মহিলাবোৰে শাক-পাচলি, ফল-মূলৰ বস্তাবোৰ গাড়ীত উঠাই দিওঁ। সামগ্ৰীৰ বস্তাবোৰৰ সৈতেই  আমি গাড়ীৰ পিচফালে উঠি থিয় হৈ লও। ৰাতি এক বজাত  শদিয়াৰ গৰচিঙা গাঁৱৰ  পৰা যাত্ৰা আৰম্ভ কৰি পুৱা ছয় বজামানত তিনিচুকীয়া চহৰ পাওহি। একেলগে ছয়-সাতগৰাকী মহিলাই একোখন গাড়ী ভাৰা কৰি আহো। তিনিচুকীয়া চহৰৰ পথৰ দাঁতিত  বস্তাবোৰ নমাই বজাৰ পাতোতে এঘণ্টামান লাগে। তাৰপিছত দিনটো সামগ্ৰীবোৰ বিক্ৰী কৰো। আকৌ ৰাতি  আঠটামান বজাত আমি উভটি যাও গাড়ীৰ পিছফালে উঠি। ঘৰ পাওঁতে নিশা এক-দুই বাজে ৷ শদিয়াৰ ভিতৰৰ গাঁৱৰ পৰা  প্ৰায়  আশী-নব্বৈ কিলোমিটাৰ পথ এইদৰেই আহি আমি যিকেইটা ধন পাওঁ সেইকেইটাৰে আমি ঘৰ চলাওঁ। কিছুমান মহিলা আমাৰ গাঁৱতকৈয়ো দূৰৈৰ গাঁৱৰ পৰা আহে। অসম-অৰুণাচল সীমান্তৰ গাওঁবোৰৰ পৰা আহে। এশ কিলমিটাৰৰো বেছি দূৰ হয়।”…এইদৰে ক’লে লভিতা চিৰিং নামৰ মহিলাগৰাকীয়ে।  তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ এটি পথৰ দাঁতিত বহি শাক-পাচলি, ফল-মূল বিক্ৰী কৰি আছিল মহিলাগৰাকীয়ে। প্ৰায় ৪০ বছৰ বয়সীয়া  লভিতা চিৰিঙৰ ঘৰ শদিয়াৰ গৰচিঙা গাৱঁত। তিনিচুকীয়া চহৰৰ পৰা প্ৰায় আশী কিলোমিটাৰ দূৰত্বৰ এই গাঁওখনৰ পৰা  শাক-পাচলি, ফল-মূল লৈ আনি বিক্ৰী কৰিছে  জিলা সদৰত। ঢলা-শদিয়া সংযোগী  ‘সেঁতু’ৰে পাৰ হৈ আহিছে লভিতা। পিছে কেৱল কেৱল তেৱেঁই নহয়,  অনেক গৰাকী মহিলা আহে এইদৰে৷  শদিয়া অঞ্চলৰ নতুন তৰাণী গাঁৱৰ ৰূপাই চেতিয়া, পদুমী চেতিয়া, ছপাখোৱা অঞ্চলৰ মৰমী গগৈ, কাকপথাৰৰ ৰূপালী ফুকন আদিকে  ধৰি কেইবা শতাধিক মহিলাক দেখা গ’ল তিনিচুীয়া চহৰৰ বজাৰত।

এনেকৈয়ে সপ্তাহৰ প্ৰতিটো দেওবাৰে শতাধিক মহিলা আশী-নব্বৈ কিল’মিটাৰ পথ অতি কষ্টৰে অতিক্ৰম কৰি আহে তিনিচুকীয়া চহৰলৈ। সকলোৰে উদ্দেশ্য- নিজ ঘৰত উৎপাদিত বা গাঁৱৰ ঘৰে ঘৰে উৎপাদিত বিভিন্ন শাক-পাচলি, কচু-ঢেঁকীয়া, আদা-হালধি, আলু, বিভিন্ন জাতৰ টেঙা, হাঁহ-পাৰ-কুকুৰা, কল-কুঁহিয়াৰ আদি লৈ আহি চহৰত বিক্ৰী কৰা।

পিছে ইয়াৰ আঁৰত লুকাই আছে শদিয়া, কাকপথাৰ, আদিৰ দৰে বৃহত্তৰ অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়ালৰ, গ্ৰাম্যঞ্চলীয় জনতাৰ অৰ্থনীতি প্ৰসংগ। নতুন তৰাণী গাঁৱৰ পৰা অহা কুসুম চেতিয়া নামৰ মহিলা গৰাকীয়ে ক’লে, ‘আমি কেৱল নিজৰ ঘৰত উৎপাদিত সামগ্ৰীয়েই  যে লৈ আহো তেনে নহয়, সপ্তাহৰ আন দিনবোৰত আমাৰ অঞ্চলটোৰ খেতিয়কসকলে ঘৰতে উৎপাদন কৰা  সামগ্ৰীবোৰ সংগ্ৰহ কৰো। বিশেষকৈ মহিলাসকলে ঘৰত যিবোৰ সামগ্ৰী উৎপাদন কৰে  সেইবোৰ আমি বিচাৰি কিনি আনো। শনিবাৰে দিনটো সেইবোৰ গোটাই  ৰাতি সাত-আঁঠগৰাকীয়ে একেলগে  গাড়ী ভাৰা কৰি আশী-নব্বৈ কিলোমিটাৰ বাট গাড়ীৰ পিচফালে থিয় হৈ গুচি আহো। আমাৰ এই ব্যৱসায়ৰ ফলত গাঁৱৰ  আন মানুহেও উৎপাদিত ফচলৰ এখন বজাৰ ঘৰতে  লাভ কৰিছে। বিশেষকৈ মহিলাসকলে এইক্ষেত্ৰত এঢাপ আগবাঢ়িছে। আগতে সামগ্ৰী উৎপন্ন কৰিলেও বজাৰ নাছিল। দাম কম আছিল। এতিয়া ঢলা-শদিয়া দলংখন হোৱাৰ বাবে ওলাই আহিব পৰা হ’লো। কেৱল ঘৰৰ মানুহজনৰ ওপৰতে নিৰ্ভৰ নকৰি আমি উপাৰ্জনৰ পথ উলিয়াইছো। মোৰ দৰে কেইবাশ মহিলাই  পৰিয়াল চলাইছে এইদৰে।’

উল্লেখ্য  যে, দেওবাৰৰ দিনটোত কেৱল তিনিচুকীয়া  চহৰতেই পাঁচ শতাধিক  মহিলাই সামগ্ৰী বিক্ৰী কৰিবলৈ আহি পথৰ দাঁতিত বজাৰ পাতে। তাৎপৰ্যপূৰ্ণ যে, এইসকল মহিলাই অশেষ কষ্টৰে  শদিয়াৰ বিভিন্ন গ্ৰাম্যঞ্চলৰ  অৰ্থনীতিৰ বুনিয়াদ গঢ়ি তুলিছে। সমান্তৰালকৈ কৃষিজ সামগ্ৰীক  অধিক  হাৰত বজাৰলৈ  উলিয়াই অনাত সহায় কৰিছে। আনকি এইসকল  মহিলাৰ বলিষ্ঠ পদক্ষেপৰ বাবে শদিয়া , কাকপথাৰ, ছপাখোৱা, ঢলা আদি অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়ালে পৰোক্ষভাৱে আৰ্থিক স্বচ্ছলতাৰ ক্ষেত্ৰত  এখোজ আগবাঢ়িছে। গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি সবল কৰাতকৈয়ো এইসকল  মহিলাই দেখুৱাইছে লিংগ সমতাৰ অনন্য নিদৰ্শন। গ্ৰাম্যাঞ্চলীয় একোখন ঘৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণত যে মহিলাই পুৰুষৰ স’তে  সমভূমিকা  পালন কৰে সেয়াও জানিব জানিব পৰা যায়  তিনিচুকীয়া বজাৰলৈ অহা শদিয়াৰ মহিলাসকলৰ পৰা।  অতিকে তাৎপৰ্যপূৰ্ণ যে, এইসকল মহিলাই গাঁৱৰ অৰ্থনীতিৰ ভেঁটি টনকীয়াল  কৰিবলৈ ওলাই আহিবলৈ সক্ষম হোৱাৰ  সমান্তৰালভাৱে অঞ্চলটোত মহিলা  সৱলীকৰণৰ এক  অনন্য  এক নিৰৱ বিপ্লৱ অব্যাহত আছে৷

যি সময়ত পৃথিৱীৰ বিভিন্ম প্ৰান্তত লিঃগ সমতাৰ বাবে, নাৰীৰ অধিকাৰৰ বাবে সচেতন জনতাই ৰাজপথলৈ ওলাই আহি সংগ্ৰাম কৰিবলগীয়া পৰিস্থিতি অব্যাহত আছে, মহিলাই বিভিন্ন ক্ষেত্ৰত  বঞ্চিত হৈছে অধিকাৰ প্ৰাপ্তিৰ পৰা, তেনে সময়ত তিনিচুকীয়া জিলাৰ শদিয়াৰ একাংশ মহিলাই দেখুৱাইছে মহিলা সৱলীকৰণ, লিংগ সমতাৰ এখন অনন্য বাস্তৱ ছবি। প্ৰায় শত কিলোমিটাৰ দূৰৈৰ গাঁৱৰ পৰা একত্ৰিত হৈ  আহি চহৰৰ মাজমজিয়াত  স্বাধীনভাৱে যি  ব্যৱসায় অব্যাহত ৰাখিছে, সেয়া নিসন্দেহেই আদৰণীয়। এইসকল মহিলাই  শক্তিশালী কৰিছে নিজক আৰু গ্ৰাম্য অৰ্থনীতিক, শক্তিশালী ৰূপত উপস্থাপন আৰু উপভোগ কৰিছে স্ব-অধিকাৰক। অসমৰ গ্ৰাম্য অৰ্থনীতি উত্তৰণৰ এইসকল দুৰন্ত সেনানীৰ এই বৈপ্লৱিক যাত্ৰাই অনুপ্ৰাণিত কৰিছে অসমৰ অন্য প্ৰান্তৰৰ জনতাকো।তাৎপৰ্যপূৰ্ণ যে এইসকল মহিলাই তুলনামূলক ভাৱে সামগ্ৰীৰ মূল্য বহু কমকৈ লাভ কৰি আহিছে। ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীৰৰ তুলনাত এইমূল্যবহু কম। উদাহৰণস্বৰূপে, আদাৰ দাম প্ৰতি কিলগ্ৰামত ৪০ / ৫০টকা। গুৱাহাটীত আদাৰ দাম কেজিত ১০০/১২০ টকা। মিঠা আলুৰ দাম এই বজাৰত কেজিত ৪০/৪৫ টকা। গুৱাহাটীত ৮০/৯০ টকা।

পিছে কম মূল্য পায়ো এই সকল নাৰী সুখী। তেওঁলোকে কয়-গাঁৱতকৈ বেছি দাম পাইছে। যিয়েই নহওঁক, অসমৰ গ্ৰমাঞ্চলীয়  এইজাক দুৰন্ত সেনানীৰ জীৱিকাকেন্দ্ৰিক এই সংগ্ৰামী যাত্ৰা এক ব্যতিক্ৰমী দৃষ্টান্ত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,735 other subscribers

Leave a comment

Leave a Reply Cancel reply