এয়াৰ ইণ্ডিয়াৰ এখন উৰন্ত বিমানৰ ভিতৰত এগৰাকী মহিলা যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিলে এগৰাকী সুৰাপায়ী ব্যক্তিয়ে। সম্প্ৰতি পোহৰলৈ অহা এই ঘটনা সংঘটিত হৈছিল যোৱা বৰ্ষৰ নৱেম্বৰ মাহত।

কিন্তু বিমান অৱতৰণৰ পাছত এই ঘটনা সংঘটিত কৰা ব্যক্তিগৰাকী কোনো ধৰণৰ ব্যৱস্থাৰ সন্মুখীন নোহোৱাকৈয়ে বিমানবন্দৰৰ পৰা ওলাই যায়। এই ঘটনাৰ কেইসপ্তাহমান পিছতে এয়াৰ ইণ্ডিয়াই ব্যক্তিগৰাকীক ন’ ফ্লাই লিষ্টত স্থান দিবলৈ পৰামৰ্শ দিছিল।

জানিব পৰা মতে, ২৬ নৱেম্বৰত নিউয়ৰ্কৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ বিজনেছ ক্লাছত মদ্যপান কৰা যাত্ৰীগৰাকীয়ে ৭০ বৰ্ষীয় মহিলা সহযাত্ৰী গৰাকীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

প্ৰকাশিত বাতৰি অনুসৰি, মহিলাগৰাকীয়ে টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেক্ৰনলৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছতহে বিমান সংস্থাটোৱে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰে।

এয়াৰ ইণ্ডিয়াৰ সূত্ৰই জানিবলৈ দিয়া মতে, অভিযুক্ত ব্যক্তিগৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। এক বিবৃতিত বিমান সংস্থাটোৱে কয়, “এয়াৰ ইণ্ডিয়াই এখন আভ্যন্তৰীণ সমিতি গঠন কৰি যাত্ৰীৰাকীক ‘নো-ফ্লাই লিষ্ট’ত স্থান দিয়াৰ পৰামৰ্শ দিছিল। বিষয়টো চৰকাৰী কমিটীৰ অধীনত আছে আৰু সিদ্ধান্তৰ বাবে অপেক্ষা কৰি আছে।”

আনহাতে মহিলাগৰাকীয়ে পত্ৰখনত আন এক অভিযোগো উত্থাপন কৰিছে। এই অভিযোগ অনুসৰি তেওঁ প্ৰস্ৰাৱ পৰি থকা আসনখনত বহিব নিবিচৰাৰ বাবে তেওঁক বিমানৰ ক্ৰু চিট দিয়া হৈছিল। কিন্তু এঘণ্টাৰ পাছত ক্ৰু’ৱে তেওঁক চাদৰেৰে ঢাকি থোৱা পূৰ্বৰ আসনলৈ উভতি যাবলৈ কোৱা বুলি অভিযোগ উঠিছে।

প্ৰস্ৰাৱৰ গোন্ধ ওলাই থকা আসনখনত ক্ৰুৱে বীজাণুনাশক স্প্ৰে’ কৰি দিয়ে যদিও তেওঁ আসনখনত বহিবলৈ দৃঢ়তাৰে অস্বীকাৰ কৰে আৰু অৱশেষত তেওঁক আন এখন ক্ৰু চিট দিয়া হ’ল। মহিলাগৰাকীয়ে লগতে বিজনেছ ক্লাছৰ বহু আসন খালী হৈ থকাৰ পিছতো তেওঁক আন এখন আসন দিয়া হোৱা নাছিল বুলি অভিযোগ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply