নিউজ ডেস্কঃ অসম গণ পৰিষদৰ মুখ্যকাৰ্য্যালয়ত আজি দলটোৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত এখন বিষয়ববীয়া সভা অনুষ্ঠিত হৈ যায়৷ উক্ত সভাখনত দলটোৰ কাৰ্যকাৰী সভাপতি কেশৱ মহন্তয়ে সাংগঠনিক সৱলীকৰণৰ বাবে ভাতৃ আৰু ভগ্নী পৰিষদ সমূহক শক্তিশালী কৰি বিষয়ববীয়া সকলক সাংগঠনিক কামকাজ সমূহত ক্ষীপ্ৰতাৰে আৰু পূৰ্ণোদ্যমেৰে আত্মনিয়োগ কৰিবলৈ আহ্বান।
লগতে সভাত আসন্ন পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত প্ৰত্যাশিত সফলতাৰ বাবে বিষয়ববীয়া সকলে পূৰ্ণ প্ৰস্তুতিৰে ভূমিকা পালন কৰি যাবলৈ কোৱা হয়৷ ইয়াৰোপৰি, অনাগত দিনৰ বাবে নিৰ্ধাৰণ কৰা পৰিকল্পনা সমূহ সফলভাৱে ৰূপায়িত কৰাৰ ক্ষেত্ৰত সকলোৱে ঐকান্তিক সহযোগিতা আগবঢ়োৱাৰ পোষকতা কৰা হয় ।
উল্লেখ্য যে, শেহতীয়াকৈ দলটোৱে বহুকেইটা লোকসভা সমষ্টি ভিত্তিক বিশেষ কৰ্মকৰ্তা সন্মিলন সাফল্যমণ্ডিতভাৱে সম্পন্ন কৰে৷ এই বিশেষ কৰ্মকৰ্তা সন্মিলন সমূহৰ বিষয়ত আজিৰ বৈঠকখনত বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। সমান্তৰালভাৱে আগন্তুক দিনত বহুকেইটা লোকসভা সমষ্টিত অনুষ্ঠিত কৰিব লগা বিশেষ কৰ্মকৰ্তা সন্মিলন কেইখন সুচাৰুৰূপে আয়োজন কৰাৰ সৰ্ন্দভতো আলোচনা কৰা হয় ।
আজিৰ এই বিষয়ববীয়া সভাখনত দলৰ জ্যেষ্ঠনেতা ফনীভূষণ চৌধুৰী, উপসভাপতি সকল, সাধাৰণ সম্পাদক আৰু সম্পাদক সকল, ভাতৃ আৰু ভগ্নী পৰিষদ সমূহৰ সভাপতি সকল আৰু সভানেত্ৰীৰ লগতে অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে ৷
লগতে পঢ়ক – ১৪৩ কোটি টকাত নিলাম টিপু চুলতানৰ তৰোৱাল