নিউজ ডেস্ক: পুৰণি স্মৃতি সুঁৱৰিলে ভাৰতৰ ক্ৰিকেট তাৰকা হৰভজন সিঙে। হৰভজনে সেই স্মৃতি মনলৈ আহিলেই নিজকে লজ্জিত অনুভৱ কৰে বুলিও জনায়।
প্ৰসংগ খেলপথাৰত বিৰাট কো’হলি আৰু গৌতম গম্ভীৰৰ মাজত বাদ বিতণ্ডা। এই বিবাদক লৈ যেন এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে। একেলগে বিশ্বকাপৰ খেল খেলি ভাৰতক বিজয়ৰ সোৱাদ দিয়া এই দুয়োগৰাকী খেলুৱৈৰ এনে ৰূপ দেখি এতিয়া ক্ৰিকেট প্ৰেমীয়ে দুখ প্ৰকাশো কৰিছে।
এনে সকলোৰে দুখ প্ৰকাশৰ মাজতেই ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ হৰঙজন সিঙেও দিছে নিজৰ প্ৰতিক্ৰিয়া। সিঙৰ নিজা ইউটিউব একাউণ্টৰ জৰিয়তে এক ভিডিঅ’ পোষ্ট কৰি জনাই যে, খেলপথাৰত এনেধৰণৰ ঘটনা ঘটা উচিত নহয়।
এই প্ৰসংগক আগত ৰাখিয়ে ১৫ বছৰীয়া পুৰণি ঘটনাৰ বিষয়ে সুঁৱৰি কয় যে, ‘এই ঘটনা ইয়াতে সমাপ্ত নহয়। ইয়াৰ পিচত বিভিন্ন লোকে নানাধৰণৰ মন্তব্য আগবঢ়াব। এনে পৰিস্থিতিৰ সন্মুখীন ময়ো হৈছিলো। ২০০৮ চনত শ্রীসন্থৰ সৈতে যি কৰিছিলো, সেই ঘটনাই ১৫ বছৰ পিচতো মোক কষ্ট দিয়ে। মই লজ্জিত। সেই সময়ত মই সঠিক আছিলো যেন লাগিছিল। কিন্তু এতিয়া অনুভৱ হয় যেন মই ভুল কৰিছিলো।’
লগতে তেওঁ কয়, এনেধৰণৰ বিবাদত জড়িত হৈ পৰাটো অনুচিত। কো’হলি এগৰাকী কিংবদন্তি। গম্ভীৰো এগৰাকী আগশাৰীৰ ক্ৰিকেটাৰ। তেওঁলোকৰ এনে বিতর্কই নেতিবাচক বাৰ্তা প্ৰেৰণ কৰে।
পিছে এতিয়া হৰঙজন সিঙ আৰু শ্রীসন্থৰ মাজত কোনো বিতৰ্ক নাই। শেহতীয়া ভাৱে দুয়োগৰাকী ক্ৰিকেটাৰকে ঋষভ পন্তৰ সৈতে ফটোত দেখা গৈছিল। হৰঙজন সিঙ, শ্রীসন্থ আৰু ৰাইনাই একেলগে ক্ৰিকেটাৰ ঋষভ পন্তৰ স্বাস্থ্য খবৰ ল’বলৈ গৈছিল।

লগতে পঢ়ক – AI ৰ গডফাদাৰ জিঅ’ফ্রী হিণ্টনৰ গুগলৰ পৰা পদত্যাগ