নিউজ ডেস্ক: ক্ৰমাৎ উত্তাল হৈ পৰিছে মণিপুৰৰ পৰিৱেশ। বৃহস্পতিবাৰে নিশা চুৰাচান্দপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সভাস্থলীত অগ্নিসংযোগ কৰে ক্ষুব্ধ জনতাই। গোটেই নিশা আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত চলে ভয়ানক সংঘৰ্ষ।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে,  মুখ্যমন্ত্রী বীৰেন সিং সভাস্থলীত উপস্থিত হোৱাৰ ঠিক আগতেই ক্ষুব্ধ জনতাই সভাস্থলীত অগ্নিসংযোগ কৰে।

বৃহস্পতিবাৰে সৃষ্টি হোৱা এই উত্তাল পৰিস্থিতিৰ বাবে ৰাজ্যখনৰ কেইবাটাও অঞ্চলত ১৪৪ ধাৰা জাৰি কৰা হৈছে। লগতে বন্ধ কৰি দিয়া হৈ ইন্টাৰনেট সেৱা।

উল্লেখ্য যে মণিপুৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলনকাৰীৰ অভিযোগ এয়ে যে ৰাজ্যৰ বিভিন্ন সংৰক্ষিত বনাঞ্চল আৰু জলাশয়ৰ ওপৰত থকা বাস কৰা জনগোষ্ঠীসকলৰ পৰম্পৰাগত অধিকাৰ কাঢ়ি লোৱা, লগতে ৰাজ্যৰ গীৰ্জাসমূহৰ ওপৰত পৰিকল্পিত আক্ৰমণৰ ঘটনা।

এই দুটা অভিযোগৰ বাবেই ৰাজ্যখনৰ জনজাতীয় মঞ্চই এতিয়া উত্তাল কৰি ৰাখিছে মণিপুৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply