নিউজ ডেস্ক: লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই ড্ৰাগছ, নকল সোণৰ লগতে আন অপৰাধৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আই পি এছ আনন্দ মিশ্ৰ। দায়িত্বভাৰ গ্ৰহণ কৰিয়েই অপৰাধীৰ বিৰিদ্ধে অভিযানত নামিছে বিষয়াগৰাকী।

লখিমপুৰত প্ৰথমটো অভিযান চলাই মঙলবাৰে ভুৱা সোণ সৰবৰাহৰ সৈতে জড়িত তিনিজন দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰে আনন্দ মিশ্ৰই।

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বালিকাটা আৰু হৰিপুৰত অভিযান চলাই তিনিওজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে,  গ্ৰেপ্তাৰ হোৱা অভিযুক্ত কেইগৰাকীৰ নাম ছাদ্দাম হুছেইন, ছাৰিফুল ইছলাম আৰু গুলজাৰ হুছেইন।

উল্লেখ্য, সোমবাৰে আনন্দ মিশ্ৰই ৬০০০৮১৫৭৯৯ নম্বৰৰ এটা হেল্পলাইন নম্বৰ প্ৰদান কৰিছে। এই নম্বৰৰ যোগেদি যিকোনো লোকে অপৰাধমূলক কাৰ্যকলাপৰ বিষয়ে আৰক্ষীক অৱগত কৰিব পাৰিব। আৰক্ষীক অপৰাধৰ বিষয়ে খবৰ দিয়া ব্যক্তিসকলে নিজৰ পৰিচয় গোপনে ৰাখিব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply