নিউজ ডেস্কঃ লখিমপুৰ জিলাৰ নৱ নিযুক্তি আৰক্ষী অধীক্ষক তথা চুপাৰক’প আনন্দ মিশ্ৰৰ মুখ বন্ধ কৰিছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে। এতিয়াৰে পৰা সকলোৰে প্ৰিয় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কোনো সংবাদ মাধ্যমত মন্তব্য প্ৰদান কৰিব নোৱাৰিব এই নিৰ্দেশনা প্ৰদান কৰিছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে।

লখিমপুৰ আৰক্ষীৰ সকলো বিষয় সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য দিবলৈ আৰক্ষীৰ মুখ্য কাৰ্যালয়ে নিয়োগ কৰিছে এগৰাকী মুখপাত্ৰ। এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকক লখিমপুৰ জিলাৰ আৰক্ষীৰ মুখপাত্ৰৰ দায়িত্ব দিয়া হৈছে।

মন কৰিবলগীয়া যে, অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ৰ পৰা জাৰি কৰা এক নিৰ্দেশনাত কোনো আৰক্ষী বিষয়াকে DGP ৰ অনুমতি অবিহনে তদন্ত চলি থকা অপৰাধজনিত ঘটনাৰ বিষয়ে ৰাজহুৱা কৈ মুখ নুখুলিবলৈ কোৱো হৈছিল। সকলো আৰক্ষী বিষয়াই এই নিৰ্দেশনা মানি চলিছিল যদিও আনন্দ মিশ্ৰৰ ক্ষেত্ৰত কিন্তু নিৰ্দেশনা মানি চলা দেখা পোৱা নগৈছিল।

ইয়াৰোপৰি শেহতীয়া ভাৱে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰাও ধমক খাইছিল আইপিএছ আনন্দ মিশ্ৰই। মুখ্যমন্ত্ৰীয়ে চেলিব্ৰিটি SP আনন্দ মিশ্ৰক সামাজিক মাধ্যমৰ প্ৰীতি এৰি আদৰ্শ আৰক্ষী হিচাপে আত্মনিয়োগ কৰিবলৈ আৰু অভিযুক্তক সকলক অপৰাধ সাব্যস্ত কৰিব পৰাকৈ চাৰ্জশ্বিট প্ৰস্তুতহে ব্যস্ত হ’বলৈ কৈছিল।

লগতে পঢ়ক – পঞ্চমবাৰলৈ আই পি এলৰ চেম্পিয়ন ধোনী নেতৃত্বধীন চেন্নাই ছুপাৰ কিংছ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply