গুৱাহাটী : অপৰিৱৰ্তিত মহানগৰী গুৱাহাটীৰ কৃত্ৰিম বান পতিস্থিতি। এতিয়া মহানগৰীৰ বহু অঞ্চল কৃত্ৰিম বানৰ কবলত। অনিল নগৰ, নবীন নগৰ একঁকাল পানীৰ তলত। কৃত্ৰিম বানত ককবকাইছে অনিল নগৰ নবীন নগৰবাসী।
নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰী গুৱাহাটীত সৃষ্টি হোৱা কৃত্ৰিম বানপানীয়ে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। মহানগৰীৰ কেইবাটাও অঞ্চল এটিওয়া জলমগ্ন হৈ আছে। বিশেষকৈ হাতীগাঁও, ৰুক্মিণীগাঁও আৰু অনিল নগৰ নবীন নগৰৰ ৰাইজৰ অৱস্থা অতিকৈ শোচনীয় হৈ আছে।
গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানী বুলি কলেই, মনলৈ আহে অনিল নগৰ, নবীন নগৰৰ দৃশ্য। এবুকু পানীৰ তলত ডুব যোৱা অনিল নগৰ, নবীন নগৰবাসী দীৰ্ঘদিন ধৰি কৃত্ৰিম বানপানীৰ লগত যুঁজ দি আছে। চৰকাৰ তথা প্ৰশাসন অঞ্চল দুটাক কৃত্ৰিম বানমুক্ত কৰাৰ বাবে কেইবাটাও ব্যৱস্থা হাতত লৈছে যদিও সকলো বিফল হৈছে।
লগতে পঢ়ক – সোণাপুৰত গাড়ীৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছ
এইবাৰো ইয়াৰ ব্যতিক্ৰম নহ’ল। সোমবাৰৰ পৰা অহা বৰষুণৰ ফলত কৃত্ৰিম বানত পুনৰ ডুব গ’ল অনিল নগৰ, নবীন নগৰ। অঞ্চল দুটাৰ বানাক্ৰান্ত ৰাইজ চৰকাৰ তথা প্ৰশাসনৰ ওপৰত ক্ষোভ উজাৰৰ লগতে মেয়ৰ মৃগেন শৰণীয়া, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যক তীব্ৰ সমালোচনা কৰিছে।