যোৰহাট: যোৰহাটৰ ছেছন আদালতত আজি ছাত্ৰ নেতা অনিমেষ ভূঞাৰ বৰ্বৰ হত্যাকাণ্ডৰ বিচাৰ আৰম্ভ হৈছে। অধিবক্তা ৰিণ্টু গোস্বামীক চৰকাৰী পক্ষৰ অধিবক্তা হিচাপে নিয়োগ কৰা হৈছে।
উল্লেখযোগ্য যে বিগত বৰ্ষৰ ২৯ নৱেম্বৰত যোৰহাট নগৰৰ মাজমজীয়াত বন্ধুৰ সৈতে যোৱা অনিমেষ ভূঞাক এদল উন্মত্ত লোকে নৃসংষ আক্ৰমণ চলাই হত্যা কৰিছিল।
আৰক্ষীয়ে উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ১৫জন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰু ইয়াৰে ১৪ জনক দোষী সাব্যস্ত কৰা হৈছিল। ঘটনাৰ মূল অভিযুক্ত নিৰজ দাস নামৰ যুৱকজনৰ যোৱা ১ ডিচেম্বৰৰ নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা চলোৱাৰ সময়ত দুৰ্ঘটনাত পতিত হৈ মৃত্যু ঘটিছিল।
আনহাতে আৰক্ষীয়ে চলিত বৰ্ষৰ ১৭ জানুৱাৰীত উক্ত ঘটনাৰ এখন ৩৩৯ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল কৰিছিল।
লগতে পঢ়ক –