নিউজ ডেস্ক: কংগ্ৰেছ দলৰ পৰা অংকিতা দত্তক নিলম্বন কৰা খবৰটো ভুৱা। কিছু সময় পূৰ্বে একাংশ সংবাদ মাধ্যমে প্ৰচাৰ কৰি জনাইছিল যে অংকিতা দত্তক দলৰ পৰা নিলম্বন কৰা হৈছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জনাই যে, বৰ্তমানলৈকে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে অংকিতাৰ দত্তৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই।

ভূপেন বৰাই কয়, অংকিতাই কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দিছে। সেই উত্তৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিতিলৈ প্ৰেৰণ কৰা হৈছে।

ইফালে কংগ্ৰেছৰ কাৰ্যকাৰী সভাপতি কমলাক্ষ পুৰকায়স্থয়ে প্ৰকাশ কৰিছিল অংকিতা দত্তৰ নিলম্বনৰ কথা। যাৰ বাবে কমলাক্ষ পুৰকায়স্থই কৰা মন্তব্য বাবে জবাবদিহী হ’ব বুলি ভূপেন বৰাই কয়।

আনহাতে, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে, অংকিতা দত্তক কাৰণ দৰ্শোৱাৰ জাননীৰ জাৰি কৰা সময় এতিয়াও ওকলি যোৱা নাই। একাংশ সংবাদ পৰ্টেলে যিদৰে প্ৰচাৰ কৰিছে তেনেদৰে অংকিতা দত্তক নিলম্বন কৰা হোৱা নাই বৰ্তমানলৈ। এইয়া এক অপপ্ৰচাৰ।

উল্লেখ্য যে, শেহতীয়াকৈ অংকিতা দত্তই NSUI ৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে মানসিক নিৰ্যাতন চলোৱাৰ বাবে এজাহাৰ দাখিল কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দায়িত্ব লোৱাৰ পিছতো অংকিতা দত্তই এজাহাৰ দাখিল কৰাৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল কংগ্ৰেছে।

লগতে পঢ়ক – শেহতীয়া ২৪ ঘণ্টাত ভাৰতৰ ১১,৬৯২ জন লোকক কোভিড আক্ৰান্ত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply