নিউজ ডেস্কঃ অসম যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তক কংগ্ৰেছৰ প্ৰাথমিক পৰা কৰা হৈছে বহিষ্কাৰ।
৬ বছৰৰ বাবে দলৰ পৰা কৰা হ’ল অংকিতা দত্তক বহিষ্কাৰ।
দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত বহিস্কাৰ কৰা হৈছে অংকিতা দত্তক।

শেহতীয়াকৈ অংকিতা দত্তই NSUI ৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে মানসিক নিৰ্যাতন চলোৱাৰ বাবে এজাহাৰ দাখিল কৰিছে।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দায়িত্ব লোৱাৰ পিছতো অংকিতা দত্তই এজাহাৰ দাখিল কৰাৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল কংগ্ৰেছে।
অংকিতাই শুক্ৰবাৰে কাৰণ দৰ্শোৱাৰ পিছতেই আজি কংগ্ৰেছৰ পৰা প্ৰামথিক সদস্যৰ পদ হেৰুৱাব লগীয়া হয়।
লগতে পঢ়ক – অসম আৰক্ষীৰ এনকাউণ্টাৰত ছাদ্দাম হুছেইন আহত