ড০ অংকিতা দত্তক যুৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ আৰু বিভিন্ন জনৰ প্ৰতিক্ৰিয়া

কংগ্ৰেছ নেত্ৰী ড০ অংকিতা দত্তক যুৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ কৰাৰ খবৰ প্ৰকাশ পোৱাৰ পাছতেই বিভিন্ন জনে প্ৰতিক্ৰিয়া আৰম্ভ কৰিছে।

অভিযোগ অনুসৰি যুৱ কংগ্রেছৰ সভাপতি পদৰ পৰা অপসাৰণ কৰা হৈছে ড০ অংকিতা দত্তক। কিন্তু এই কথাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

এক বিবৃতিত বৰাই কয় যে অসম যুৱ কংগ্ৰেছৰ সভানেত্ৰী সম্পৰ্কত একাংশ সংবাদ মাধ্যমে এক অপপ্ৰচাৰ চলাই আছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা সদায় যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ দৰে যুৱনেত্ৰীৰ পক্ষত আছে।

তেওঁ কয় যে ভাৰতীয় যুৱ কংগ্ৰেছ এটি স্বতন্ত্ৰ সংগঠন। এই মুহুৰ্তলৈকে অংকিতা দত্ত সম্পৰ্কে কোনো আলোচনা প্ৰদেশ কংগ্ৰেছৰ সৈতে কৰা নাই বা তেওঁৰ সম্পৰ্কে কোনো সিদ্ধান্ত গ্ৰহণৰ কথাও অসম প্ৰদেশ কংগ্ৰেছ কমিটীক ভাৰতীয় যুৱ কংগ্ৰেছে অৱগত কৰা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply