গুৱাহাটী : মহানগৰীৰ নাৰ্চাৰীত পুনৰ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।নাৰ্চাৰীত খহিছে নিলাচল পাহাৰ। ৰাজপথৰ ওপৰলৈ খহি আহিছে পাহাৰৰ মাটি। কিছুদিন পূৰ্বেও নাৰ্চাৰীত পাহাৰ খহি এগৰাকী মহিলা আহত হৈছিল।
নেৰা নেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ সৃষ্টি হৈছে বছৰৰ দ্বিতীয়টো বান। ইতিমধ্যে ৰাজ্যৰ ২৮ খনকৈ জিলা বানৰ কবলত পৰিছে। বানপানীৰ লগতে ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ভূমিস্খলনৰ ঘটনাই।
শনিবাৰৰ দিনটোত বৰষুণ পৰিমাণ গঢ় পাইছে যদিও ভূমিস্খলনৰ কেইবাটাও ঘটনা সংঘটিত হৈছে ৰাজ্যত। হাইলাকন্দি জিলাত ভূমিস্খলনত এজন যুৱকৰ মৃত্যু হোৱাৰ পৰিবৰ্তে মহানগৰীৰ নাৰ্চাৰীত পাহাৰ খহি পৰিছে।
লগতে পঢ়ক – ২০২১ বৰ্ষৰ সাংস্কৃতিক সঞ্চালকালয়ৰ বঁটা ঘোষণা
নাৰ্চাৰীত নিলাচল পাহাৰ খহি ৰাজপথৰ ওপৰত পৰিছে। অৱশ্যে এই ঘটনাত কোনো ধৰণৰ ক্ষতি হোৱা নাই যদিও নিলাচল পাহাৰৰ মাটি আৰু অধিক খহি পৰিলে ৰাজপথ আৱদ্ধ হৈ পৰাটো নিশ্চিত।