নিউজ ডেস্ক: দক্ষিণ আফ্ৰিকাৰ পৰা মধ্য়প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা এটা চিতা বাঘৰ মৃত্য়ু হয় । বুধবাৰে তেজস নামৰ আন এটা মতা চিতা বাঘৰ মৃত্যু হয় ।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ পৰা শ্বেওপুৰ জিলাৰ কেএনপিলৈ অনা হৈছিল তেজস নামৰ মতা চিতাটো।

তথ্য অনুসৰি ইয়াকে ধৰি এতিয়ালৈকে উদ্যানখনত যোৱা পাঁচ মাহত মৃত্যু হোৱা চিতা বাঘৰ সংখ্য়া ৭ টা লৈ বৃদ্ধি পালে । ইয়াৰ আগতে তিনিটা চিতাবাঘ আৰু তিনিটা পোৱালিৰ মৃত্যু হৈছিল।

নিৰীক্ষণকাৰী দল এটাই বুধবাৰে দিনৰ প্ৰায় ১১ বজাত ডিঙিৰ ওপৰৰ অংশত আঘাতৰ চিন থকা চিতা বাঘটোক লক্ষ্য কৰিছিল আৰু তাৰ পাছতে বিয়লি প্রায় ২ বজাত তেজস নামৰ চিতা বাঘটোৰ মৃত্যু হয়।

উল্লেখ্য যে বৰ্তনান উদ্যানখনত মুঠ ১১টা চিতা বাঘ আছে।

লগতে পঢ়ক: শুভাৰম্ভ হ’ল কহিনুৰ থিয়েটাৰৰ নাট্যবৰ্ষৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply