মাৰ্ঘেৰিটা-  প্ৰাঞ্জল মৰাণৰ পাছত পুনৰ প্ৰাণ হেৰুৱালে আন এজন যুৱকে। চলিত বৰ্ষৰ ৭ জুনত লিডু টিৰাপ কলিয়ৰীৰ অবৈধ কয়লাখনিত অবৈধভাৱে কয়লা সংগ্ৰহ কৰিবলৈ গৈ মৃত্যু হৈছিল নয়ন ফুকন নামৰ যুৱকজনৰ। তাৰপাছতে ভুক্তভোগী পৰিয়ালে কুখ্যাত কয়লা চোৰ ক্ষীতিশ দেৱনাথৰ বিৰুদ্ধে লিডু আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ।

বিগত ৫ বছৰে ক্ষীতিশ দেৱনাথৰ অধীনত নয়ন ফুকনে শ্ৰমিক হিচাপে কৰ্মৰত আছিল বুলি উল্লেখ কৰা হৈছে এজাহাৰখনত। ইফালে, লিডু আৰক্ষীয়ে এজাহাৰ লাভ কৰাৰ পাছতো অভিযুক্ত ক্ষীতিশ দেৱনাথৰ বিৰুদ্ধে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগো উত্থাপন হৈছে।

উক্ত ঘটনাৰ সঠিক তদন্ত বিচাৰি আজি লিডুৰ মোলোং পাহাৰত ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ দলৰ কাৰ্যকৰী সভাপতি ৰানা গোস্বামীৰ আৰু মাৰ্ঘেৰিটা কংগ্ৰেছ দলৰ একাংশ বিষয় ববীয়া। কাৰ্যকৰী সভাপতি গৰাকীয়ে লিডু আৰু মাৰ্ঘেৰিটা আৰক্ষীৰ ভুমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কিয় কয়লা চিণ্ডিকেটৰ মাষ্টাৰসকলক PSO বা বডী গাৰ্ড দিয়া হৈছে সেই উত্তৰ অসমবাসীক মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিব লাগিব বুলিও কয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply