ৰঙিয়া : ৰঙিয়াৰ চেপ্তিত বাঢ়নী পানীত সন্ধানহীন হোৱা আনজন কিশোৰৰ মৃতদেহ উদ্ধাৰ হৈছে। উদ্ধাৰ হোৱা কিশোৰজন প্ৰেমদা শিৱনাথ বিদ্যাপীঠৰ দশম শ্ৰেণীৰ ছাত্ৰ তথা চাপনীয়াৰ সতীশ দাসৰ পূত্ৰ জুমন দাস। তিনিদিনৰ পিছত কিশোৰজনৰ মৃতদেহ উদ্ধাৰ হৈছে।
কামৰূপ জিলাৰ ৰঙিয়াৰ চেপ্তিত তিনিদিন পূৰ্বে বানপানীৰ মাজত ভিডিঅ’ কৰিবলৈ গৈ বাঢ়নী পানীয়ে উটুৱাই নিয়াত সন্ধানহীন হৈছিল দুজনকৈ কিশোৰ। ইয়াৰ এজন কিশোৰৰ মৃতদেহ সোমবাৰে উদ্ধাৰ হয় বাঢ়নী পানীৰ মাজত। মঙলবাৰে আনজন কিশোৰৰো মৃতদেহ উদ্ধাৰ হয়।
গোৰেশ্বৰ শিখৰ এডভাঞ্চাৰ ক্লাৱ আৰু বগামাটি গ্ৰীণ টেক এডভাঞ্চাৰ, এচ এচ বি আৰু এচ ডি আৰ এফ বাহিনীয়ে অভিযান চলাই উদ্ধাৰ কৰে কিশোৰজনৰ মৃতদেহ। বাঢ়নী পানীয়ে উটুৱাই নিয়া ঠাইৰ পৰা প্ৰায় ১০০ মিটাৰ দূৰত অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰে কিশোৰজনৰ মৃতদেহ।
লগতে পঢ়ক – অগপৰ অনুসূচীত জাতি বোকাখাত বিধানপৰিষদৰ বিশেষ কাৰ্যনিৰ্বাহক সভা
মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে পানীৰ মাজেৰে অসংখ্য লোকে কিশোৰজনৰ মৃতদেহ চাবলৈ যোৱা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে সোমবাৰে বিয়লি উদ্ধাৰ হৈছিল হিমাংশু দাসৰ মৃতদেহ। দুজনকৈ কিশোৰক হেৰুওৱাৰ পিছত বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।