গুৱাহাটী : আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস৷ এই উপলক্ষে অসম চৰকাৰৰ অন্যান্য কাৰ্যালয়ৰ লগতে অসম সচিবালয়তো সন্ত্ৰাসবাদ বিৰোধী শপত গ্ৰহণ কৰা হয়৷ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে সচিবালয়ৰ বিষয়া-কৰ্মচাৰীসকলক এই শপত বাক্য পাঠ কৰোৱায়৷

এই অনুষ্ঠানত ভাৰতীয় পৰম্পৰা অহিংসা আৰু সহিষ্ণুতাৰ প্ৰতি অটল বিশ্বাস অক্ষুণ্ণ ৰাখি সমস্ত শক্তিৰে সকলোধৰণৰ সন্ত্ৰাস আৰু হিংসা প্ৰতিৰোধ কৰাৰ অংগীকাৰ গ্ৰহণ কৰা হয়৷ তদুপৰি সকলোৰে মাজত শান্তি, সামাজিক সমন্বয় আৰু বুজাবুজি ৰক্ষা কৰি মানৱ জীৱন আৰু মানৱীয় প্ৰমূল্যৰাজিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বিভেদকামী শক্তিসমূহৰ বিৰুদ্ধে যুঁজিবৰ বাবেও সংকল্প লোৱা হয়৷

লগতে পঢ়ক – বক্স অফিচত হিট ‘লোকেল উৎপাত’, দিল্লী-নয়ডা-মুম্বাই-বাংগালুৰুতো পাব মুক্তি

উল্লেখযোগ্য যে ১৯৯১ চনৰ আজিৰ দিনটোতে তামিলনাডুত সন্ত্ৰাসবাদীৰ আত্মঘাটী বোমা বিস্ফোৰণৰ ফলত ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছিল৷ ইয়াৰ পিছৰ পৰাই সন্ত্ৰাসবাদৰ ভয়াবহতা আৰু বিৰূপ প্ৰভাৱৰ প্ৰতি সকলোকে সজাগ কৰাৰ অৰ্থে প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যুৰ দিনটো সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে সমগ্ৰ ৰাষ্ট্ৰতে পালন কৰি অহা হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,588 other subscribers

Leave a comment

Leave a Reply Cancel reply