গুৱাহাটী : বি জে পি চৰকাৰৰ আমােলত চৰকাৰী কৰ্মচাৰী সকলৰ পেন্সন ব্যৱস্থাক নস্যাৎ কৰি জীৱনৰ এটা বৃহৎ কাল অবিৰতভাৱে সেৱা আগবঢ়াই অহা চৰকাৰী চাকৰিয়াল আৰু তেওঁলােকৰ পৰিয়ালৰ ভৱিষ্যৎ অন্ধকাৰৰ মাজলৈ ঠেলি দি আৰম্ভ কৰা নতুন পেন্সন আঁচনি প্রত্যাহাৰৰ দাবীত আৰু পুৰণি পেন্সন নীতি বলবৎ ৰখাৰ দাবীত অসমৰ চৰকাৰী কৰ্মচাৰী সকলে গ্রহণ কৰা আন্দোলনৰ কাৰ্যসূচীলৈ পূর্ণ সমর্থনৰ কথা ঘােষণা কৰিছে অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে। দেশত ১৮৫৭ চনতে বৃটিছ চৰকাৰে আৰম্ভ কৰা আৰু অসম চৰকাৰে ১৯৬৯ ৰ পেন্সন আইন আৰু ১৯৬৪ ৰ পৰিয়াল পেন্সন আইনৰ জৰিয়তে চৰকাৰী কৰ্মচাৰী সকলৰ ভৱিষ্যতৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে যি পেন্সন ব্যৱস্থা প্রৱৰ্তন কৰিছিল তাক এতিয়া মােদী চৰকাৰে নিজৰ বজৰুৱা অর্থনৈতিক নীতিৰ ব্যর্থতা ঢাকিবলৈ জীৱনজুৰি সেৱা আগবঢ়োৱা কৰ্মচাৰী সকলৰ লগতে তেওঁলােকৰ পৰিয়ালৰ ভৱিষ্যত ধ্বংসৰ মুখলৈ ঠেলি দি গ্ৰহণ কৰা নতুন পেন্সন আঁচনি’ কোনাে কাৰণতে কৰ্মচাৰীসকলে গ্রহণ কৰা উচিত নহয় বুলি এক বিবৃতিত অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই কয়।
অর্থনৈতিকভাৱে দেশক লাওলােৱা অৱস্থাৰ মাজলৈ লৈ যােৱাৰ বাবে জগৰীয়া কেৱল মােদী চৰকাৰৰ অপৈনত অর্থনৈতিক নীতি, ইয়াৰ বাবে চৰকাৰী কৰ্মচাৰী সকলক বলিৰ পঠা সজোৱা বন্ধ কৰিবলৈ চৰকাৰক সকীয়াই দিয়ে ভূপেন কুমাৰ বৰাই। প্রদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে নতুন পেন্সন আঁচনি’ অনুসৰি কৰ্মচাৰী সকলৰ মহাৰ ১০ শতাংশ ধন পেন্সনৰ শিতানত কাটি ৰখাৰ নিয়ম প্রৱৰ্তন কৰিবলৈ বিচৰা হৈছে আৰু ১৪ শতাংশ ধন চৰকাৰে কৰ্মচাৰীজনৰ বাবদ জমা দিব আৰু এই সমুদায় ধন কেতবােৰ বিত্তীয় প্রতিষ্ঠানৰ জৰিয়তে বজাৰত বিনিয়ােগ কৰিব আৰু তাৰ লভ্যাংশৰ পৰা কৰ্মচাৰীজনৰ অৱসৰৰ পিছত সেই অনুপাতে মাহিলী পেন্সন প্রদান কৰিব। এইয়া কি আজৱ নীতি! কিন্তু পূর্বৰ পেন্সন আঁচনিত পেন্সনৰ বাবে কর্মচাৰীৰ পৰা এপইচাও কৰ্তন কৰাৰ ব্যৱস্থা নাছিল। আনহাতে পূৰ্বৰ নিয়ম অনুসৰি অৱসৰৰ সময়ত একোজন কৰ্মচাৰীৰ শেহৰ মাহৰ দৰমহাৰ ৫০ শতাংশ ধন মাহিলী পেন্সন হিচাপে নিরূপিত হৈছিল। কিন্তু নতুন নিয়মত সেয়া বজাৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব, অর্থাৎ ধনৰ পৰিমাণ অনিশ্চিত কৰি ৰখা হ’ব। ইফালে পূর্বে সর্বনিম্ন পেন্সনৰ সীমা মাহিলী ৬০০০ টকাকৈ নিৰূপিত হৈছিল যিটো নতুন পেন্সন আঁচনি মতে অনিশ্চিত। অর্থাৎ কোনাে কর্মচাৰীয়ে হয়তাে এটকাও নাপাব পাৰে।
উল্লেখ্য যে এই নতুন নীতিৰ অধীনত যােৱা কেইবছৰত অৱসৰ গ্ৰহণ কৰা সাত সহস্রাধিক শিক্ষক-কর্মচাৰীয়ে মাহিলী পেন্সনৰ নামত পাইছে মাত্র ৫০০ ৰ পৰা ১২০০ টকাকৈ। এই নীতি কোনাে কাৰণতে গ্রহণযােগ্য নহয় বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। বিবৃতিটোত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সকলক উদ্দেশ্যি ভূপেন কুমাৰ বৰাই কয় “আপােনালােকে সর্বশক্তিৰে বি জে পি চৰকাৰৰ এনে অগণতান্ত্রিক, কর্মচাৰী-বিৰােধী নীতি বাতিলৰ দাবীত তীব্র সংগ্রামৰ পথ গ্রহণ কৰক। কৰ্মচাৰী সকলৰ দাবীত ৰাজস্থান, ছত্তিশগড়, ঝাৰখণ্ড, পঞ্জাৱ আদি ৰাজ্যই যদি নতুন পেন্সন আঁচনি’ অগ্রাহ্য কৰি পুৰণি পেন্সন ব্যৱস্থাকে বাহাল ৰাখিব পাৰে, তেন্তে কিয় অসম চৰকাৰে ৰাজ্যৰ কৰ্মচাৰী সকলৰ বাবে সেইখিনি কৰিব নােৱৰাৰ ৰহস্য ক’ত”?
লগতে পঢ়ক – নগাঁও জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত সদৌ অসম চৰকাৰী এন. পি.এছ কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বি জে পি চৰকাৰখনক তীব্ৰ সমালোচনা কৰি কয় যদি দিল্লীৰ চৰকাৰক তৈলমর্দন কৰাৰ বাবেই নিজ ৰাজ্যৰ কৰ্মচাৰী সকলৰ আৰু তেওঁলােকৰ পৰিয়ালৰ ভৱিষ্যতক লৈ এনে অনাকাঙ্খিত খেল খেলিবলৈ নেৰে তেন্তে তাৰ বিষম পৰিণতিৰ বাবে হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসমৰ বি জে পি চৰকাৰখন সাজু হােৱাৰ সময় হল। এনে স্বৈৰাচাৰী শাসন উৎখাত কৰি এক গণতান্ত্রিক ৰাজনৈতিক বাতাবৰণ গঢ়ি তুলিবলৈ অসমৰ সকলাে স্তৰৰ কৰ্মচাৰীসকল আপােচবিহীন হৈ আগবাঢ়ি আহক। মই কংগ্ৰেছৰ হৈ কথা দিছে আমি আপােনালােকৰ প্রতি অন্যায় হ’বলৈ দিয়া নাছিলোঁ আৰু ভৱিষ্যতেও কাহানিও নিদিম। কংগ্ৰেছ সদায় কৰ্মচাৰীসকলৰ স্বাৰ্থৰ প্রতি সচেতন হৈ আছিল, থাকিব বুলিও কয় ভূপেন কুমাৰ বৰাই।