গুৱাহাটী : প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ তীব্র কটাক্ষ মুখ্যমন্ত্ৰীক। ৰাজ্যৰ ৫৪ লাখ বান-বিধ্বস্তলৈ পিঠি দি মহাৰাষ্ট্রৰ দুকুৰি বিধায়কৰ ৰাজ আতিথ্যক লৈ ব্যস্ত অসমৰ মুখ্যমন্ত্রী বুলি মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰে প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।
যি সময়ত অসমৰ ৩১ খন জিলাৰ ৫৩ লাখ ৯৪ হেজাৰ মানুহে বানৰ গ্ৰাসত পৰি দুবেলা দুমুঠি খাবলৈ হাহাকাৰ কৰিব লাগিছে, বানৰ ঢলে ঘৰ-বাৰী, পশুধন উটুৱাই নি সর্বস্বান্ত কৰিছে, ভূমিস্খলনেশ শ মানুহৰ ঘৰ-বাৰী উছন কৰি নিছে তেনে এটা সময়ত মহাৰাষ্ট্ৰত ষড়যন্ত্রমূলকভাৱে বিজেপি চৰকাৰ গঠন কৰিবলৈ ৪০ গৰাকী বিধায়কক উৰুৱাই আনি গুৱাহাটীৰ বিলাসী হােটেলত ৰাজ আতিথ্য দি ঘৃণনীয় ৰাজনীতিত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা লিপ্ত হোৱা বুলি মন্তব্য কৰিছে ভূপেন বৰাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছে।
এক বিবৃতিত ভূপেন বৰাই কয় যে যােৱা এপ্রিল মাহৰ পৰা এই শেহতীয়া প্ৰলয়ংকৰী বানলৈকে ৰাজ্যৰ ৮৮ গৰাকী লােকে প্রাণ দিবলগীয়া হৈছে। খােদ গুৱাহাটী মহানগৰীতে আজিও বান আৰু ভূমিস্খলনত হেজাৰ পৰিয়ালে দিশহাৰা হৈ দিন-ৰাতি পাৰ কৰিব লগীয়া অৱস্থা হৈছে। বান সাহায্য, পুনৰ সংস্থাপনৰ নামত চূড়ান্ত বৈষম্য আৰু প্ৰচাৰমুখিতাক আগঠাই দিয়া হৈছে। কেৱল টেলিভিচনৰ সাংবাদিক মাতি নি বান সাহায্য বিতৰণত গাফিলতি কৰাৰ বাবে উপায়ুক্তক ধমক দিয়া দেখুৱালেই এগৰাকীৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব শেষ হৈ নাযায়।
ভূপেন বৰাই বিবৃতিটোত আৰু কয় যে ৰাজ্যখনৰ এই জটিল আৰু সংকটকালীন সময়ত ৰাজ্যৰ বান পৰিস্থিতিৰ মােকবিলা কৰিবলৈ এগৰাকী কেন্দ্রীয় নেতাক ৰাজ্যলৈ আনি পৰিস্থিতি অনুধাৱন কৰিবলৈ বাধ্য কৰাব নােৱৰা, এটা টকাও কেন্দ্ৰৰ পৰা বান সাহায্যৰ নামত অসমলৈ আনিব নােৱৰা হিমন্ত বিশ্ব শর্মাই এনে এটা সময়ত অন্য ৰাজ্যৰ চৰকাৰ ভঙা-পতাৰ অংকত অসমক ব্যৱহাৰ কৰা কাৰ্যক ধিক্কাৰ দিবলৈ ভাষা নাই। এটা অগণতান্ত্রিক আৰু অশুভ পৰম্পৰাৰ সৃষ্টি কৰি মহাৰাষ্ট্ৰত ছলে-বলে-কৌশলে বিজেপি চৰকাৰ গঠনৰ ষড়যন্ত্রমূলক প্রক্রিয়াত প্রায় দুকুৰি বিধায়কক পণবন্দী কৰি আনি গুৱাহাটীৰ বিলাসী হােটেলত ৰাজ-আতিথ্য দিবলৈ কিঞ্চিতাে লজ্জাবােধ কৰা নাই অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।
লগতে পঢ়ক – মহুৰামুখত বানাক্ৰান্তক পৰ্যাপ্ত বান সাহাৰ্য্য দিবলৈ নিৰ্দেশ মন্ত্ৰী অতুল বৰাৰ
স্বয়ং গুৱাহাটী মহানগৰীতে শ শ লােকে আজিও বান আৰু ভূমিস্খলনত বিধ্বস্ত হৈ চৰম অনিশ্চয়তাৰ মাজত দিন অতিবাহিত কৰি থকাৰ সময়ত ৰাজ্যখনৰ মুখ্যমন্ত্রীজনৰ এনে ঘৃণনীয় ৰাজনীতিয়ে ৰাজ্যবাসীকে লজ্জানত কৰিলে বুলিও কয় ভূপেন বৰাই। উল্লেখ্য যে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ ৪০ জনকৈ বিসম্বাদী বিধায়ক মঙলবাৰে গুৱাহাটীত উপস্থিতি হয়।