নৱবৰ্ষত ৰাজ্যবাসীলৈ আন এক উপহাৰৰ প্ৰস্তাৱ APDCLৰ। সততেই ৰাজ্যবাসীক মাধমাৰ শোধাই অহাত পাকৈত APDCLয়ে নৱবৰ্ষত ২৩.৫৮% শতাংশ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে বিদ্যুৎ বিতৰণ কোম্পানীটোৱে। কোম্পানীটোৱে অহা ২০২৩-২৪ বৰ্ষৰ বাবে এই প্ৰস্তাৱ ইতিমধ্যে অসম বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত এক প্ৰস্তাৱ দাখিল কৰিছে। অৱশ্যে এইবাৰ গ্ৰাহকভেদে বিদ্যুৎ মাচুল বেলেগ বেলেগকৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দাখিল কৰা হৈছে।

সেই অনুসৰি,  প্ৰতি মাহে ০-১২০ ইউনিট ব্যৱহাৰ কৰা গ্ৰাহকৰ বিপৰীতে প্ৰতি ইউনিটত ১.২৫ টকাকৈ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। আনহাতে,  প্ৰতি মাহে ১২১-২৪০ ইউনিট ব্যৱহাৰ কৰা গ্ৰাহকৰ বাবে ১.৩৫ টকাকৈ বৃদ্ধি কৰা হ’ব মাচুল। ইয়াৰ ওপৰিও মাহে ২৪১ অথবা তাতোকৈ বেছি ইউনিট বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত ১.৭০ টকাকৈ বৃদ্ধি কৰা হ’ব মাচুল।

উল্লেখযোগ্য যে,  যোৱা ২৮ ডিছেম্বৰত APDCLয়ে সকলো শ্ৰেণীৰ গ্ৰাহকৰ বিদ্যুৎ মাচুল ৩০ পইচাকৈ বৃদ্ধি কৰিছিল। কিন্তু শেহতীয়াকৈ ৰাজহ ঘাটিৰ জোৰা মাৰিবলৈ অহা ২০২৩-২৪ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ২৩.৫৮% বৃদ্ধিৰ প্ৰস্তাৱ নিয়ামক আয়োগৰ ওচৰত দাখিল কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply