নিউজ ডেস্ক: আহমেদাবাদৰ এপল’ হস্পিটালৰ এটা চিকিৎসকৰ দলে সফলতাৰে এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰি এগৰাকী মহিলাৰ পাকস্থলীৰ পৰা এক বৃহৎ আকাৰৰ টিউমাৰ আঁতৰাবলৈ সক্ষম হয়। চিকিৎসকৰ দলটোৱে ৫৬ বছৰীয়া মহিলা গৰাকীৰ পৰা ৪৭ কেজি ওজনৰ টিউমাৰ সুৰক্ষিতভাৱে আঁতৰাব পাৰে।

প্ৰাপ্ত তথ্য মতে গুজৰাটৰ ডাহোদ জিলাৰ মহিলাগৰাকীয়ে যোৱা ১৮ বছৰ ধৰি টিউমাৰটো নিজৰ শৰীৰত কঢ়িয়াই আছিল আৰু যোৱা কেইবা মাহে তেওঁ শয্যাশায়ী হৈ আছিল।

আহমেদাবাদস্থিত এপল’ হস্পিটালৰ surgical gastroenterologist ড০ চিৰাগ ডেছায়ে অস্ত্ৰপচাৰৰ কথা জানিবলৈ দিয়ে।

‘অস্ত্ৰোপচাৰটো যথেষ্ঠ আছিল কিয়নো মহিলা গৰাকীৰ লিভাৰ, হৃৎপিণ্ড, হাঁওফাওঁ, কিডনী, জৰায়ু আদি প্ৰধান অংগসমূহ টিউমাৰে পাকস্থলীৰ বেৰত সৃষ্টি কৰা চাপৰ ফলত স্থানচ্যুত হৈ গৈছিল। তদুপৰি টিউমাৰটোৰ আকাৰ যথেষ্ট ডাঙৰ হোৱাৰ ফলত চিটি স্কেন কৰাটো সমস্যা হৈছিল,’ তেওঁ কয়।

লগতে পঢ়ক – ভয়ংকৰ! ফ্লেটৰ বেলকনীৰ ৰেলিঙত ওলমি ব্যায়াম, ভাইৰেল VIDEO

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply