নিউজ ডেস্ক: উচ্চ শিক্ষা বিভাগে আজি পুনৰ দিছপুৰত ৭৮ টা সহকাৰী প্ৰবক্তা, লাইব্ৰেৰিয়ান পদত নিযুক্তি প্ৰদান কৰে । স্নাতক স্তৰত নতুন পাঠ্যক্ৰম আৰম্ভ কৰাৰ লগে লগে পুৰণি নীতি অনুসৰি শিক্ষক বাছনি কৰি নিযুক্তিৰ ব্যৱস্থা কৰাত বিভিন্ন মহাবিদ্যালয়ত খালী হৈ থকা ৭৮টা সহকাৰী প্রবক্তা আৰু লাইব্ৰেৰীয়ানৰ পদত আজি উচ্চ শিক্ষা বিভাগে নিযুক্তি দিয়ে।

উল্লেখযোগ্য যে মহাবিদ্যালয়সমূহত বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ ৬০০ৰো অধিক প্ৰবক্তাৰ পদ খালী হৈ আছিল। ৰাজ্য চৰকাৰে কলেজৰ পদসমূহ ৰাজ্যিক ভিত্তিত গঠিত নিযুক্তি ব’ৰ্ডেহে পূৰ কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও ব’ৰ্ড গঠনত বিলম্ব হোৱাত মহাবিদ্যালয় পৰিচালনা সমিতিয়ে বাছনি কৰা নীতি অনুসৰিয়ে নিযুক্তি দিবলৈ উচ্চ শিক্ষা বিভাগ বাধ্য হৈ পৰে ৷ যাৰ ফলত একলাখ নিযুক্তিৰ অংশ হিচাপে মহাবিদ্যালয়ৰ ৩৩০টা সহকাৰী প্ৰবক্তাৰ পদত ইতিমধ্যে পুৰণা নীতি অনুসৰি নিযুক্তি দিয়া হৈছিল।

লগতে পঢ়ক: ৩০ জুলাইত উদ্ধেধন কৰা হ’ব নৱনিৰ্মিত অসম সচিবালয় ভৱন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply